হাৱালাৰ ধন আত্মসাৎ কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল আৰক্ষী-সাংবাদিক। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় ভৰলু থানাৰ উপ-পৰিদর্শক মোবাৰক আলী আৰু টফিকউদ্দিন নামৰ এজন সাংবাদিকক। এটা ব্যক্তিগতখণ্ডৰ টেলিভিচন চেনেলত কৰ্মৰত হৈ আছিল টফিকউদ্দিন।
তদুপৰি এই গোচৰটোত আন এজন লোকক গ্রেপ্তাৰ কৰিছে ভৰলু আৰক্ষীয়ে। উল্লেখ্য যে নৱেম্বৰ মাহত আৰক্ষীয়ে হাৱালাৰ বিৰুদ্ধে অভিযান চলাইছিল ।সেই সময়তে পোহৰলৈ আহিছিল যে আৰক্ষী, সাংবাদিক আৰু ধৃত লোকজনে ২৫ লাখ টকা আত্মসাৎ কৰিছে ৷ হাৱালাৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে এই ধন আত্মসাৎ কৰিছিল ৷
আনহাতে হাৱালা চক্রটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি ৬৯ লাখ ৭০ হাজাৰ টকা। ৰাজস্থানৰ দুজন লোকৰ পৰা জব্দ হৈছিল এই ধনখিনি। দুয়োজন আছিল হাৱালা চক্রৰ সদস্য। আঠগাঁৱৰ এটা ভাৰাঘৰৰ পৰা জব্দ হৈছিল নগদ ধন ৷