ৰাজ্যৰ মুখ্য সচিব পৱন বৰঠাকুৰৰ কার্যকাল বৃদ্ধি কৰা হৈছে ৷ ৰাজ্য চৰকাৰে তিনিমাহৰ বাবে বৃদ্ধি কৰিছে তেওঁৰ কার্যকাল ৷ অহা ৩১ ডিচেম্বৰত তেওঁৰ কার্যকাল অন্ত পৰাৰ কথা আছিল ৷ কেন্দ্ৰীয় ‘চৰকাৰৰ অনুমতি সাপেক্ষে দিছপুৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ তেওঁৰ কার্যকাল বৃদ্ধিৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয়লৈ ফাইল প্ৰেৰণ কৰা হৈছিল ৷ এই সিদ্ধান্তৰ লগে লগে তেওঁৰ কার্যকাল ৩১ মার্চলৈ বৃদ্ধি হ’ব ৷