ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৌজন্যত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ খানাপাৰাস্থিত চৌহদত অনুষ্ঠিত হয় ‘কৰ্পোৰেট জগতত মহিলাৰ সিদ্ধান্ত গ্ৰহনৰ ভূমিকা’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ।
বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণত তেখেতে কয় যে লিংগ সমতা স্থাপন আৰু মহিলা সৱলীকৰণৰ দিশত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আহিছে। মহিলাৰ বাবে আসন সংৰক্ষণৰ বিধেয়ক এই দিশত এক ফলপ্ৰসূ উদাহৰণ।
উদ্বোধনী অনুষ্ঠানত নেডফিৰ সঞ্চালক নন্দিতা হাজৰিকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী হাজৰিকাই বিভিন্ন ন্যায়িক তথা প্ৰশাসনিক ব্যৱস্থাৰ উপস্থিতি স্বত্বেও ভাৰতবৰ্ষত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা বৈষম্যৰ বিষয়ে পৰিসংখ্যা সহকাৰে উল্লেখ কৰে।
অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক প্ৰানজিৎ বৰাকে ধৰি বিভিন্ন বিভাগৰ ডীন আৰু সঞ্চালকৰ লগতে সমূহ অধ্যাপক-অধ্যাপিকা আৰু বহু সংখ্যক গৱেষকে অংশগ্ৰহণ কৰে। আলোচনা চক্ৰৰ অংশ হিচাপে দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰি
তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা সত্ৰৰ প্ৰাক্তন ডীন অধ্যাপক চন্দনা গোস্বামী, ডিব্ৰুগড়ৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাপৰি চেতিয়া, এন ই এইচ এইচ ডি চিৰ উপদেষ্টা শ্ৰীপৰ্ণা বৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ সঞ্চালক অধ্যাপক নৃপেন্দ্ৰ নাথ শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে নিৰ্দ্ধাৰিত বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে।
আলোচনা চক্ৰখনৰ সামৰণি অনুষ্ঠানত যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত পূৰ্বৰ বক্তাসকলৰ সৈতে সুৰ মিলাই তেখেতে বৰ্ধিত ডিজিটেল ডিভাইডৰ লগত সংগতি ৰাখি বাঢ়ি অহা লিংগ ব্যৱধানৰ সন্মুখীন হ’বলৈ সমাজ ব্যৱস্থাৰ সামগ্ৰিক পৰিৱৰ্তনৰ পোষকতা কৰে ।