আজিৰে পৰা প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাৱ্যস্ত কৰিছে সদৌ অসম সুলভ মূল্য ব্যৱসায় সন্থাই। সুলভ মূল্যৰ সামগ্ৰীসমূহ বিতৰণৰ বাবদ পাবলগীয়া ধন আদায় নিদিয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷
সদৌ অসম সুলভ মূল্যৰ ব্যৱসায় সন্থাৰ সভাপতি ধৰণীধৰ বৰাই জনোৱা মতে ৰাজ্যখনৰ মুঠ ৭১৭ খন পঞ্জীকৃত সমবায় সমিতিৰ মুঠ ৩৩ হাজাৰ ৫৫৭ সুলভ মূল্যৰ ব্যৱসায়ীযে বিভিন্ন চৰকাৰী আঁচনিৰ চাউল ঘৰতে যোগান ধৰি আহিছে । কিন্তু অতি পৰিতাপৰ বিষয় হল এইসকল নিষ্ঠাবান সুলভ মূল্যৰ এজেন্টে সুদীৰ্ঘ দিন ধৰি আগবঢ়াই অহা ন্যস্ত দায়িত্বৰ বিপৰীতে চৰকাৰী ভাবে আদায় দিব লগীয়া পুঁজি নিয়মীয়াকৈ আদায় নিদিয়ে । বহুবাৰ চৰকাৰক দাবী জনোৱাৰ পাছতো তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷
যাৰ বাবে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায় সন্থাই ১ ডিচেম্বৰৰ পৰা এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে । সদৌ ভাৰত সুলভ মূল্য ব্যৱসায় ফেডাৰেচনৰ সৰ্ব সন্মত সিদ্ধান্ত অনুসৰি “কৰিম অথবা মৰিম” শীর্ষক সংকল্পৰে কলা বেজ পৰিধান কৰি ৰাজ্যখনৰ সমবায় এজেন্ট সকলে ডিচেম্বৰ মাহৰ চৰকাৰী আঁচনিৰ চাউল উপভোক্তা ৰাইজৰ মাজত বিতৰণ কৰিব ।
ইয়াৰ পৰৱৰ্তী সময়ৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ১জানুৱাৰীৰ পৰা অনির্দিষ্ট কাললৈ “ৰেচন বন্ধ” কাৰ্যসূচী পালন কৰিব । ইয়াৰ পাছতে অহা ১৬ জানুৱাৰীত দিল্লীৰ ৰামলীলা ময়দানত সমগ্ৰ দেশৰ সকলো সুলভ মূল্যৰ এজেন্ট একত্ৰিত হৈ ফেডাৰেচনৰ উদ্যোগত ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিব ।পহিলা ডিচেম্বৰৰ পৰা আহ্বায়িত এই গণ প্ৰতিবাদী কাৰ্যসূচীলৈ যদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব আৰোপ নকৰে তেন্তে অহা জানুৱাৰীৰ পৰা চৰকাৰী ৰেচন বিতৰণ ব্যৱস্থাটো যে অনিৰ্দিষ্ট কাললৈ স্তব্ধ হৈ পৰিব সেয়া নিশ্চিত ।