২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰt ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৷যোগী আদিত্যনাথৰ চৰকাৰে ১৪ জানুৱাৰীৰ পৰা বিশেষ ধৰ্মীয় কাৰ্যসূচী গ্ৰহণ কৰি ৰাম মন্দিৰ নিৰ্মাণৰ আবেগক শিখৰলৈ লৈ যাব বিচাৰিছে । তদুপৰি ২২ জানুৱাৰীত সমগ্ৰ ৰাজ্যত এই উৎসৱ উদযাপন কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে। উত্তৰ প্ৰদেশ প্ৰশাসনে সেইদিনা চৰকাৰী বন্ধ ঘোষণা কৰাৰ কথাও চিন্তা কৰিছে।
যোগী প্ৰশাসনে জনোৱা মতে, ১৪ জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো মন্দিৰ আৰু মঠত ভজন-কীৰ্তন আৰম্ভ হ’ব। তেওঁৰ দায়িত্বত থাকিব ৰাজ্যৰ শিল্পীসকলে। প্ৰাণ প্ৰতিষ্ঠাৰ দিন ২২ জানুৱাৰীত মন্দিৰত ৰামচৰিত আৰু হনুমান চালিচা পাঠ কৰা হ’ব। লগতে পৰিৱেশন কৰা হ’ব ৰাম ভজন। সেই দিনটো ৰাজ্যৰ বিশেষ উৎসৱ হিচাপে পালন কৰা হ’ব। ২২ জানুৱাৰীৰ পাছতো প্ৰায় ডেৰ মাহ ধৰি মন্দিৰ কৰ্তৃপক্ষই কেইবাটাও ধৰ্মীয় কাৰ্যসূচী হাতত লৈছে।
ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে গেৰুৱা শিবিৰে উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত ৰাম মন্দিৰৰ সন্মুখত ধাৰাবাহিক ধৰ্মীয় অনুষ্ঠানৰ পৰিৱেশ কৰি হিন্দু আৱেগ সৃষ্টিৰ প্ৰয়াস কৰিব ৷ বিশে্কৈ আগন্তুক লোকসভা নির্বাচনক লৈ এই পৰিকল্পনা কৰিছে চৰকাৰে ৷
ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পৰিপ্ৰেক্ষিতত বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান আদি ৰাজ্যত হিন্দুত্ববাদী সংগঠনসমূহে বিভিন্ন কার্যসূচীৰ আয়োজন কৰিছে ৷বিজেপি, সংঘ পৰিয়াল আৰু বিশ্ব হিন্দু পৰিষদৰ দৰে দলসমূহে এই ৰাজ্যসমূহৰ বাসিন্দাসকলক কাৰ্যতঃ বিনামূলীয়াকৈ ৰাম মন্দিৰ ভ্ৰমণ কৰিবলৈ লৈ যোৱাৰ পৰিকল্পনাৰে আগবাঢ়িছে। বিজেপিয়ে ভাবে যে ৰাম মন্দিৰ নিৰ্মাণৰ লগে লগে সমগ্ৰ দেশতে হিন্দুত্ববাদৰ ঢৌ বাঢ়ি অহাৰ লগে লগে চৰকাৰৰ সকলো ব্যৰ্থতা তল পৰিব ৷ যাৰ বাবে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাল ফলাফল পোৱাটো সহজ হৈ পৰিব।