অসম চৰকাৰৰ লগত শান্তি আলোচনা চলি থকাৰ মাজতে আলফা(স্বাধীন)য়ে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ ব্যাপক সালসলনি কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে তিনি তৰপীয়া কেন্দ্ৰীয় সমিতিৰ কতো স্থান দিয়া হোৱা নাই সংগঠনটোৰ সভাপতি অভিজিত হাজৰিকা ওৰফে অভিজিত অসমক।
অভিজিত অসমৰ সলনি এইবাৰ আলফাৰ আলফা(স্বাধীন)ৰ সভাপতি দায়িত্ব গ্ৰহণ কৰিছে সংগঠনটোৰ সেনাধক্ষ্য পৰেশ বৰুৱা ওৰফে পৰেশ অসমে।
স্বাভাৱিকতেই কেন্দ্ৰীয় সমিতিৰ পৰা অভিজিত অসমৰ নাম আঁতৰাই দিয়াকলৈ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে।
সচেতন লোকসকলে প্ৰশ্ন কৰিছে সংগঠনটোৰ পৰা অব্যাহতি দিয়া হ’ল নেকি অভিজিত অসমক ? নে অভিজিত অসমে নিজে আতৰি গ’ল আলফা (স্বাধীন)ৰ পৰা।
অৱশ্যে এই সন্দৰ্ভত আলফা (স্বাধীন) বা অভিজিত অসমে এতিয়ালৈকে স্থিতি স্পষ্ট কৰা নাই।উল্লেখযোগ্য যে ২০১২ চনত আলফা(স্বাধীন) ৰ প্ৰতিষ্ঠাপক সভাপতি অৰবিন্দ ৰাজখোৱাই সংগঠন এৰি অহাৰ পিছত নতুন সভাপতি ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল অভিজিত অসমে।
নগাঁও পুৰণিগুদামৰ আৰ কে বি হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষা গ্ৰহণ কৰা অভিজিত অসমে পিছত গুৱাহাটী মেডিকেল কলেজত পঢ়ি ইংলেণ্ডত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
ইফালে আলফাই গঠন কৰা এই নতুন সমিতিৰ উচ্চতম পৰিষদখন সভাপতি পৰেশ বৰুৱা,সদস্যদ্বয় মাইকেল অসম আৰু নয়ন অসমক লৈ গঠন কৰা হৈছে।একেদৰে উচ্চ পৰিষদৰ সভাপতি হিচাপে নয়ন অসম থকাৰ বিপৰীতে বাকী সদস্য সকল হৈছে এ জেদ শিৰোনাম অসম,অৰুণোদয় অসম আৰু সমীৰণ অসম।
আনহাতে নিম্ন পৰিষদৰ সভাপতি নয়ন অসম,উপ সভাপতি এ জেদ শিৰোনাম অসম,সাধাৰণ সম্পাদক অৰুণোদয় অসম,সাংস্কৃতিক সম্পাদক সমীৰঅসম,যুটীয়া সহকাৰী বিত্ত সম্পাদক গণেশ অসম, আৰু ৰূপম অসমে দায়িত্বভাৰ গ্ৰহণ কৰিছে।লগতে সহকাৰী বৈদেশিক সম্পাদক প্ৰাণময় অসম,সহকাৰী সাংগঠনিক সম্পাদক তীব্ৰজিৎ অসম,সহকাৰী সাংস্কৃতিক দীপাংকৰ অসম,সহকাৰী প্ৰচাৰ সম্পাদক বিজু অসম আৰু কাৰ্যালয় পৰিচালক সুজিৎ অসম অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ বাহিৰেও জ্যেষ্ঠতাৰ ভিত্তিত সামৰিক বিভাগৰ দুজন বিষয়াকো সমিতিত ৰখাৰ কথা ঘোষণা কৰিছে সংগঠনটোৱে।লগতে কোৱা হৈছে যে সাংগঠনিক সম্পাদকৰ দায়িত্ব নিম্ন পৰিষদৰ সভাপতি নয়ন অসমৰ হাতত থকাৰ বিপৰীতে সাধাৰণ সম্পাদক অৰুণোদয় অসমৰ হাতত আছে বিত্ত বিভাগৰ দায়িত্ব।