জালুকবাৰীত সংঘটিত এক শোকাৱহ পথ দুর্ঘটনাত অসম অভিযান্তিক মহাবিদ্যালয়ৰ শিক্ষার্থীৰ মৃত্যু হোৱা ঘটনাত তদন্ত প্ৰতিবেদন দাখিল কৰা হৈছে ৷ দুর্ঘটনাটোত ৭ জন শিক্ষার্থীৰ মৃত্যুৰ পাছতে ৰাজ্য চৰকাৰে ন্যায়িক আয়োগ গঠন কৰিছিল ৷ এই আয়োগে বিভিন্ন বিষয় চালিজাৰি চায় প্ৰতিবেদন দাখিল কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি প্ৰতিবেদনখনত বিভিন্ন স্পর্শকাতৰ বিষয় উল্লেখ কৰা হৈছে ৷ মুলতঃ মহাবিদ্যালয়খনৰ কতৃপ৭ৰ বিভিন্ন গাফিলতিৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ মহাবিদ্যালয়খনৰ ছাত্ৰাবাসত মুকলিকৈ সুৰাপান চলাৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ ছাত্ৰাবাসত চলি থকা সুৰাপানৰ বিষয়ে আওকান কৰি চলিছিল হোষ্টেল অধীক্ষকে ৷ দূর্ঘটনাস্থলীলৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা হোষ্টেলৰ অধীক্ষক এবাৰো নহাৰ কথা উল্লেখ কৰা হৈছে ৷ সুৰাপান কৰি ছাত্ৰ কিদৰে মাজনিশা হোষ্টেলৰ পৰা শিক্ষার্থীসকল ওলাই গৈছিল বুলিও প্ৰতিবেদনত প্ৰশ্ন কৰা হৈছে ৷
উল্লেখ্য যে এমাহ পূর্বেই ন্যায়িক আয়োগে প্ৰতিবেদন দাখিল কৰিছিল যদিও প্ৰিবেদনৰ ভিত্তিত মহাবিদ্যালয় কতৃপক্ষই এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷