হেৰাই গ’ল অসমীয়া সংগীতজগতৰ আন এক সোণালী কণ্ঠ ৷ এক কষ্টকৰ জীৱনৰ মাজেৰে ইহসংসাৰৰ পৰা মেলানি মাগিলে সংগীত শিল্পী অৰুণ দাসে ৷ দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাৰে যুঁজি অৱশেষত অচিন দেশলৈ যাত্ৰা কৰিলে জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাস। দেওবাৰে পুৱতি নিশা ৪-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে।
তেওঁৰ গীতত কি নাছিল ৷ আছিল আৱেগ। গীতৰ মাজেৰে শ্ৰোতাই বিচাৰি পাইছিল প্ৰিয়জনক। কেতিয়াবা পাইছিল সুখ আৰু কেতিয়াবা দুখ। সকলো সময়তে তেওঁৰ গীতে প্ৰতিগৰাকী শ্ৰোতাক মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল ৷
হাতত গীটাৰখন লৈ তেওঁ মঞ্চত উঠিলেই এটা সময়ত দৰ্শকৰ মাজত হৰ্ষোল্লাস হৈছিল। অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’ আছিল তেওঁ। তেওঁক অভিহিত কৰা হৈছিল অসমীয়া সংগীত জগতৰ ৰকষ্টাৰ হিচাপে ৷
তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ ডঃ শর্মাই কয় – “অসমীয়া সংগীত জগত ৰিক্ত কৰি দৰদী কণ্ঠশিল্পী অৰুণ দাস চিৰদিনৰ বাবে বিদায় লোৱাৰ বাতৰি শুনি অতিশয় মৰ্মাহত হ’লোঁ৷ ‘মই এটি মুকলি পখী, উভতিছোঁ ঘৰলৈ বুলি’ গীতটিকে ধৰি বহুকেইটা চিৰসেউজ তথা হৃদয় কঁপোৱা গীতত কণ্ঠ নিগৰাই অসমীয়া সংগীতক ধন্য কৰা প্ৰিয় শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷”
“তুমি জানো জানা সোণ /কিমান মৰম তোমালে/সাঁচিছিলো গোপনে-গোপনে…।।” অসমীয়া সংগীতৰ পথাৰ উকা কৰি গ’লগৈ তেওঁ।