VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্যক্তিক্ৰমী কাৰ্যসূচীৰে গুৱাহাটীত চুকাফা দিৱস উদযাপন

voicedesk by voicedesk
December 4, 2023
in মুখ্য সংবাদ
ব্যক্তিক্ৰমী কাৰ্যসূচীৰে গুৱাহাটীত চুকাফা দিৱস উদযাপন
0
SHARES
334
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ ৰূপ নগৰস্থিত মিডিয়া ট্ৰাষ্টৰ সভাকক্ষত কালি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণৰে অসম দিৱস ( চুকাফা দিৱস) উদযাপন কৰা হয় । ইণ্ডিজেনাচ পিপুলচ অৱ মুং-ডুন-চুন-খাম, আছাম, নৰ্থ ইষ্ট ইণ্ডিয়াৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত উদযাপিত এই অনুষ্ঠানৰ আৰম্ভণিতে চাওফা চাও লুং চুকাফাৰ প্ৰতিছবিত পুষ্পাঞ্জলী আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয় । ইয়াৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ আমন্ত্ৰিত খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতিনিধিৰ উপস্থিতিত বহু প্ৰত্যাশিত ঘূৰণীয়া মেজ মেল আৰম্ভ হয় ।


ড. ৰাণা কুমাৰ চাংমাইৰ সঞ্চালনাত অনুষ্ঠিত এই মেজমেলত অসম, ত্ৰিপুৰা, মণিপুৰ আৰু নাগালেণ্ডৰ বিভিন্ন খিলঞ্জীয়া গোষ্ঠীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি উত্তৰ-পূব ভাৰতৰ জাতি-জনগোষ্ঠী আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ সন্মুখত থকা জ্বলন্ত সমস্যাসমূহ উত্থাপন কৰে ।
অসমৰ পৰা সংযুক্ত বডো পিপলছ ফেডাৰেচন, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সোণোৱাল কছাৰী সমাজ, বডো সম্প্ৰদায়ৰ মহিলা প্ৰতিনিধি, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসমৰ মেইটেই সম্প্ৰদায়, অসমৰ কুকি কল্যাণ সমিতিৰ প্ৰতিনিধি আৰু কেইবাজনো বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰী সকলে ইউএনডিআৰআইপি -২০০৭ৰ ওপৰত ভিত্তি কৰি আলোচনাত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলৰ বিভিন্ন সমস্যা সমূহৰ সন্দৰ্ভত আলোকপাত কৰে।

সকলো প্ৰতিনিধিয়ে সৰ্বসন্মতিক্ৰমে এই মতামত প্ৰকাশ কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে সন্মুখীন হোৱা বেছিভাগ সমস্যাৰ সমাধান ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ চনদ২০০৭ ( UNDRIP-2007) ভিত্তিত সমাধান কৰিব পাৰিব । উত্তৰ ভাৰতৰ খিলঞ্জীয়া জনগোষ্ঠীৰ খিলঞ্জীয়া সংজ্ঞা স্পষ্ট কৰি এই সংজ্ঞাক সাংবিধানিক স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে অনিচ্ছা প্ৰকাশ কৰাৰ বাবে সন্মিলনে অসন্তুষ্টি প্ৰকাশ কৰে । সংগঠনৰ উপাধ্যক্ষ ড০ ৰাণা কুমাৰ চাংমাইৰ দ্বাৰা পৰিচালিত সন্মিলনত নিম্নলিখিত প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হয়।
১) খিলঞ্জীয়া জনগোষ্ঠীৰ সকলো জৰুৰী সমস্যাৰ সমাধানৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক সংযুক্ত মঞ্চ গঠন কৰা আৰু এই ক্ষেত্ৰত প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰিবলৈ এখন তদৰ্থ সমিতি গঠন কৰা।
২) সন্মিলনে কেন্দ্ৰীয় চৰকাৰক মণিপুৰত স্থায়ী শান্তি অনাৰ উদ্দেশ্যে সঠিক ভাবে কাৰ্য্য পৰিকল্পনা আৰম্ভ কৰিবলৈ আহ্বান জনায় আৰু মণিপুৰৰ সকলো সম্প্ৰদায়ক শান্তিপূৰ্ণ সহ-অৱস্থান আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনায় ।
৩) মণিপুৰৰ সাহায্য শিবিৰত এতিয়াও বসবাস কৰা সকলৰ বাবে গৰম কাপোৰ, লাইভ শ্বেভিং ড্ৰাগছ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দান কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনগোষ্ঠীকে সন্মিলনে আহ্বান জনাইছে ।
ৰাইজে এনেধৰণৰ যিকোনো অনুদানৰ বাবে অসম উত্তৰ-পূব ভাৰতৰ মুং-দুন-চুন-খামৰ খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰধান সম্পাদক অনুপ আৰান্ধৰা (৯১০১৮-৪১৫৫৪, ৯৪০১৯-৩৪২৬২)ৰ সৈতে যোগাযোগ কৰিব পাৰে ।
৪) কক বৰক ভাষাৰ বাবে ৰোমান লিপিৰ ব্যৱহাৰক আনুষ্ঠানিক স্বীকৃতি দিবলৈ ত্ৰিপুৰা চৰকাৰক কঠোৰ আহ্বান জনাইছে সন্মিলনে ।
কুকি আৰু মেইটেই জনগোষ্ঠীৰ প্ৰতিনিধিসকলে, ভাতৃত্ববোধ আৰু শান্তিৰ মনোভাৱেৰে ইজনে সিজনক আকোৱালি লৈ সভাখনত অন্ত পেলোৱাৰ কাৰণে অনুষ্ঠানটিয়ে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে ।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7