অসম গ্ৰন্থমেলাই উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাৰ আজি তৃতীয় দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয় ৷ তদুপলক্ষে শিশুসকলৰ মাজত অনুষ্ঠিত কৰা চিত্ৰাংকণ, কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰি আনন্দময় পৰিৱেশ ৰচনা কৰে ৷ বিশেষকৈ কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাই সকলোকে মুগ্ধ কৰে ৷
চিত্ৰাংকণ প্ৰতিযোগিতাৰ “ক” শাখাত হিতেশ অধিকাৰীয়ে প্ৰথম,কৃষ্টিনা পাটোৱাই দ্বিতীয়, ফাৰহাদ হুছেইন লস্কৰে তৃতীয় আৰু উজ্বয়ীনি সাহা,সুপ্ৰীতা দাস, মনভী বৈদ্যই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত শোহম নাথে প্ৰথম, ৰীতিষা দত্তই দ্বিতীয়, প্ৰজ্ঞা দেৱনাথে তৃতীয় আৰু আয়ুসী পাল, শ্ৰীয়া চন্দ, অনিন্দিতা নাথে উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নাছিমা বেগম লস্কৰে প্ৰথম, জয়শ্ৰী কৰে দ্বিতীয়,অমৰ শ্ৰীৱাস্তৱে তৃতীয় আৰু মনটি মণ্ডল, সৃষ্টি পাল, বিপ্ৰ চৌধুৰীয়ে উদগনি বঁটা লাভ কৰিছে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “ক” শাখাত অনুৰাগ দত্তই প্ৰথম, বিশালাক্ষী নাথে দ্বিতীয়, ইশা বেগম লস্কৰে তৃতীয় আৰু সাধিকা পাল, চুফিয়ান বৰভূঞা, ৰুদ্ৰাক্ষী পালে উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত আৰাধ্যা ৰয়, ৰুতীশা সিন্হাই যুটীয়াভাৱে প্ৰথম, দীপ্তাংশু পালে দ্বিতীয়, সাগ্নিক দেৱ পুৰকায়স্থই তৃতীয় আৰু মৌকুঁহী ডেকা কাশ্যপ, শতাক্ষী দেৱ পুৰকায়স্থ, সোমদত্তা মজুমদাৰে উদগনি বঁটা লাভ কৰিছে ৷
“গ” শাখাত বৈদিকা ভট্টাচাৰ্যই প্ৰথম আৰু অনিশা চক্ৰৱৰ্তীয়ে দ্বিতীয় স্থান অধিকাৰ কৰিছে ৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ “ক” শাখাত ৰুতীশা সিন্হা , সাম্ৰাজ্ঞী কৰ্মকাৰে যুটীয়াভাৱে প্ৰথম, উপাসনা দে’ই দ্বিতীয় , গৌৰৱ শীলে তৃতীয় আৰু সমাদৃতা দে’, মৌকুঁহী ডেকা কাশ্যপ, আয়ুস্মিতা ভট্টাচাৰ্যই উদগনি বঁটা লাভ কৰিছে ৷ “খ” শাখাত জয়ীষা ৰয়ে অধিকাৰ কৰিছে প্ৰথম স্থান ৷ ইপিনে আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাও দৃষ্টিনন্দন হৈ পৰে ৷ ইয়াত যোগদান কৰে উদাৰবন্দ শিক্ষা সদন উচ্চতৰ মাধ্যমিক বিদ্যালয় , নাৰ্ছিং হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু গুৰুচৰণ কলেজে ৷উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷