ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আয়কৰ বিভাগৰ অভিযান ৷ গুৱাহাটীৰ কেইবাটাও স্থানত আজি পুনৰ আয়কৰ বিভাগৰ অভিযান চলে । মহানগৰীৰ তিনিটা স্থানত বৃহস্পতিবাৰে অভিযান চলাইছে বিভাগটোৱে।
ব্যৱসায়ী কৈলাশ কাব্ৰা, ৰোহিত দাউৰা আৰু বিজয় যাছৰাছাৰীয়াৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলায়। দীর্ঘদিন ধৰি তেওঁলোকৰ বিৰিদ্ধে আয়কৰ ফাকিৰ অভিযোগ উঠিছিল ৷যাৰ বাবে এই অভিযান চলাইছে আয়কৰ বিভাগে।
জানিব পৰা মতে, ব্যৱসায়ী কৈলাশ কাব্ৰা তেলৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ বিপৰীতে বিজয় যাছৰাছাৰীয়াৰ আছে হোটেলৰ ব্যৱসায়। ব্যৱসায়ী ৰোহিত দাউৰা হৈছে গুৱাহাটী চেন্ট্রেলৰ স্বত্বাধিকাৰী।