আজি পুৱাই ৰাজ্যজুৰি ভূমুকম্পৰ কম্পন অনুভূত হয় ৷ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱা ৫:৪২ বজাত কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৩.৫ ৷ বৃহস্পতিবাৰে পুৱা ভূমিকম্পৰ তীব্ৰতা অতি কম হোৱাৰ বাবে কোনো ক্ষয় ক্ষতি হোৱা নাই।
Earthquake of Magnitude:3.5, Occurred on 07-12-2023, 05:42:58 IST, Lat: 26.63 & Long: 92.08, Depth: 5 Km ,Location: 63km NNE of Guwahati, Assam, India for more information Download the BhooKamp App https://t.co/9HpWbcwpqU @KirenRijiju @Dr_Mishra1966 @moesgoi @Ravi_MoES pic.twitter.com/hr6rktl39t
— National Center for Seismology (@NCS_Earthquake) December 7, 2023
এনচিএছৰ ৰিপৰ্ট অনুসৰি, এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ গুৱাহাটীৰ উত্তৰ-পূব দিশৰ পৰা ৬৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২৬.৬৩ অক্ষাংশ আৰু ৯২.০৮ দ্ৰাঘিমাংশত অৱস্থিত ৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ উৎপত্তি হৈছিল ৷