শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰীক নিলম্বন কৰা হৈছে । কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন কৰিছে ৰাজ্য চৰকাৰে । অসম চৰকাৰৰ বিত্ত বিভাগে নিলম্বন কৰিছে সঞ্জীৱ বৰাক।
নিলম্বিত বৰাৰ বিৰুদ্ধে কেতবোৰ অনিয়মৰ অভিযোগ ইত্থাপন হৈ আহিছে ৷ পেন্সনাৰ, হিতাধিকাৰীৰ বিল অনুমোদনৰ নামত ধন দাবীৰ অভিযোগ উঠি আহিছিল সঞ্জীৱ বৰাৰ বিৰুদ্ধে । সঞ্জীৱ বৰাৰ বিৰুদ্ধে সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰো অভিযোগ দীর্ঘদিনীয়া ।
তদুপৰি কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকাৰ অপৰাধত নিলম্বন কৰা হৈছে সঞ্জীৱ বৰাক। সঞ্জীৱ বৰা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া হিচাপেও কৰ্মৰত আছিল।