অসম সঁচাকৈয়ে ম্যানমাৰ অংগ আছিল নেকি ? এই বিষয়টোক লৈ আৰম্ভ হৈছে তুমুল বিতর্ক ৷ উচ্চতম ন্যায়ালয়ৰ মজিয়াত জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কৰা মন্তব্যৰ পাছতে এই বিতর্ক আৰম্ভ হৈছে ৷ অসমৰ নাগৰিকত্বৰ ভিত্তিবর্ষক লৈ হোৱা শুনানিৰ সময়ত তেওঁ কৈছিল যে ব্ৰিটিছে ম্যানমাৰৰ পৰাহে অসমক ভাৰতৰ অংগ কৰিছিল ৷
কপিল ছিবালে কয়, “ প্ৰকৃতার্থত অসম ম্যানমাৰৰ অংশ আছিল ৷১৮২৪ চনত ব্ৰিটিছে ইয়াৰ এটা অংশ জয় কৰিছিল ৷ সেই সময়ত এক সন্ধি হৈছিল যাৰ জৰিয়তে অসমক ব্ৰিটিছক হস্তান্তৰ কৰা হৈছিল ৷ ’’
উচ্চতম ন্যায়ালয়ৰ মজিয়াত কপিল ছিবালে অসম সন্দৰ্ভত কৰা এই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷কপিল ছিবালৰ মন্তব্যৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় – ‘‘কপিল ছিবালৰ ভৌগোলিক জ্ঞান নাই। অসম কেতিয়াও ম্যানমাৰৰ অংগ নাছিল।’’
মন্ত্ৰী পীযূষ হাজৰিকায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কপিল ছিবাল মহাশয়ক ভুলকৈ জনোৱা হৈছে। বাও মতাদৰ্শৰে উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ প্ৰৱণতা ইয়াত প্ৰতিফলিত হৈছে। অসমৰ ইতিহাসৰ কোনো এটা সময়তে আমি ম্যানমাৰৰ অংশ নাছিলো। মহাভাৰতৰ সময়ৰ পৰা বা ইয়াৰ আগৰ পৰাই আমি ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ আছিলো।’’