অসম আৰক্ষীৰ বুৰঞ্জীত এক ঐতিহাসিক দিন। এদিনতে ২৮,৮১৩জন কনিষ্টবলক দিয়া হ’ল পদোন্নতি। এইসকল কনিষ্টবলক পৰৱৰ্তী লেন্স নায়কলৈ পদোন্নতি দিয়া হৈছে। পদোন্নতি লাভ কৰা ২১২৭৫ জন সশস্ত্ৰ শাখাৰ আৰু ৭৫৩৮ জন নিৰস্ত্ৰ শাখাৰ কনিষ্টবল ৷ আজি এই কথা সদৰী কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৷
জি পি সিঙে এই পদক্ষেপৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰি কয় –“আৰক্ষীৰ সকলো পদৰ ক্ষেত্ৰত ন্যুনতম তিনিটাকৈ পদোন্নতিত অনুমোদন দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো । অসম আৰক্ষী পৰিয়াল মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তথা অসম চৰকাৰৰ গৃহ বিভাগৰ প্ৰতি কৃতজ্ঞ।“
ইপিনে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় –“অসম আৰক্ষীৰ বাবে এক ঐতিহাসিক দিনৰ সূচনা কৰি একেটি দিনতে ২৮,৮১৩গৰাকী কনিষ্টবলক লেন্স নায়কলৈ পদোন্নতি প্ৰদান কৰা হ’ল৷ ইয়াৰে ২১,২৭৫গৰাকী সশস্ত্ৰ শাখাৰ আৰু ৭,৫৩৮গৰাকী নিৰস্ত্ৰ শাখাৰ অন্তৰ্ভুক্ত৷ এই পদক্ষেপে অপৰাধমুক্ত অসম নিৰ্মাণৰ মহৎ লক্ষ্যৰ দিশে আগুৱান হোৱাত আমাৰ আৰক্ষী জোৱানসকলক উদ্বুদ্ধ কৰিব বুলি দৃঢ়ভাৱে বিশ্বাস কৰোঁ৷ “