জালুকবাৰী থানাৰ লকআপৰ টয়লেটৰ ভিতৰত উলমি থকা অৱস্থাত বৰপেটা জিলাৰ জেহেৰুল ইছলাম নামৰ এজন লোকৰ মৃতদেহ যোৱা ৪ ডিচেম্বৰত উদ্ধাৰ হোৱা ঘটনাৰ ভাষ্য গ্ৰহণৰ ব্যৱস্থা কৰিছে তদন্তকাৰী দণ্ডাধীশ শান্তা কাৰ্কী ছেত্ৰীয়ে৷ দণ্ডাধীশ গৰাকীয়ে হেঙেৰাবাৰীস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাত থকা তেখেতৰ কাৰ্যালয় কক্ষত অহা ১৪ ডিচেম্বৰত দিনৰ ১১ বজাৰ পৰা ঘটনাটো সন্দৰ্ভত ভাষ্য দিব বিচৰা ব্যক্তি, সংগঠনৰ ভাষ্য গ্ৰহণ কৰিব বুলি এক প্ৰেছ বিবৃতিযোগে জনাইছে৷ উল্লেখ্য যে কামৰূপ মহানগৰ জিলা আয়ুক্তই কামৰূপ মহানগৰ জিলাৰ মহকুমা দণ্ডাধীশগৰাকীক আৰক্ষীৰ জিম্মাত ব্যক্তিৰ মৃত্যু হোৱা ঘটনাটোৰ তদন্তৰ দায়িত্ব দিছে৷