উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে ‘অসম ম্যানমাৰৰ অংগ আছিল’ বুলি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাঙি ধৰা বক্তব্যৰ তীব্ৰ বিৰোধ কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী ৰাজনৈতিক দলটোৰ মতে, কপিল ছিবালৰ দৰে এগৰাকী জ্যেষ্ঠ আইনজ্ঞ তথা প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে এনে ভুল তথ্য দাঙি ধৰাটো দুৰ্ভাগ্যজনক তথা আশ্চৰ্য্যজনক৷ ম্যানমাৰৰ সৈতে কোনো ধৰণৰ ঐতিহাসিক সম্পৰ্ক নথকা ভাৰতৰ অবিচ্ছেদ্য অংগৰাজ্য অসমৰ বিষয়ে এনে ভুল তথ্য জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ক’ত পালে, সেয়াও চিন্তাৰ বিষয়৷
জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে কপিল ছিবালক উক্ত বক্তব্য উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰত্যাহাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই কয় যে ছিবালে তেওঁৰ বক্তব্যৰ দ্বাৰা কেৱল ইতিহাস বিকৃত কৰাই নহয়, মহান অসমীয়া জাতি তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসী ৰাইজক অপমান কৰিছে৷ ছিবালে উচ্চতম ন্যায়ালয়ত উক্ত বক্তব্য দাঙি ধৰাটো কেৱল এক তথ্যগত বিভ্ৰাট নে তাৰ অন্তৰালত আন কিবা কাৰণ জড়িত হৈ আচে, সেইটোও বিচাৰ্য বিষয় বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷