ঋতু পৰ্ণ শৰ্মা,নগাঁও,৯ডিচেম্বৰ :- নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চাপানালাৰ গড়চুক বেবেজীয়া অঞ্চলত এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতী বিচৰণ কৰি থকা ঘটনা পোহৰলৈ অহাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বঢ়মপুৰৰ ননৈৰ পিছত বৰ্তমান চাপানালাৰ গড়চুক বেবেজীয়াত বিগত পাঁচদিন ধৰি এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে অৱস্থান গ্ৰহণ কৰিছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীটোৰ আগৰ সোঁ-ঠেঙত গুৰুতৰভাৱে আঘাতৰ চিন প্ৰত্যেক কৰিছে বন বিভাগৰ লগতে স্থানীয় ৰাইজে ৷ বনৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰেৱশ কৰোতে কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ চাপানালা গড়চুক বেবেজীয়া অঞ্চলৰ এখন কাঠনিৰ জংঘলৰ সমীপত শুক্ৰবাৰে বিগত পাঁচদিন ধৰি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে অৱস্থান গ্ৰহণ কৰাত চাপানালা বন কাৰ্যালয়ৰ বন কৰ্মী সকলৰ লগতে স্থানীয় ৰাইজেই বনৰীয়া হাতীটোক কলগছ ধান আদি খাদ্য যোগান ধৰি আছে ৷
আগৰ সোঁ-ঠেঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বনৰীয়া হাতীটোক বন বিভাগে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছে যদিও উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে ৷ নগাঁও জিলা বন বিষয়া আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ অমনোযোগিতাৰ বাবেই বৰ্তমানলৈকে উক্ত বনৰীয়া হাতীটোৱে উন্নত চিকিৎসা পোৱা নাই বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে ৷ উক্ত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক বন বিভাগে যদি অতি সোনকালে উন্নত চিকিৎসা প্ৰদান নকৰে তেতিয়া হ’লে হাতীটোৰ আগৰ সোঁ-ঠেঙৰ আঘাতটো আৰু বাঢ়ি যাব পাৰে বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যৰ বন মন্ত্ৰী গৰাকীৰ লগতে উচ্চপদস্থ বন বিষয়া আৰু নগাঁও জিলাৰ বন বিষয়া গৰাকীক অতি সোনকালে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় একাংশ লোকৰ লগতে স্থানীয় সচেতন মহল আৰু প্ৰকৃতি প্ৰেমী সংগঠনে আহ্বান জনাইছে ৷ আনহাতে নগাঁও আৰু কাৰ্বিআংলং সীমান্তৰ লগতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানৰ জংঘলত আজি কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে অৱস্থান গ্ৰহণ কৰি নিশা হ’লে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি এক আংতকময় পৰিবেশ সৃষ্টি কৰি আহিছে ৷ এইক্ষেত্ৰত বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে ৷