VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

voicedesk by voicedesk
December 9, 2023
in মুখ্য সংবাদ
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
0
SHARES
968
VIEWS
Share on FacebookShare on Twitter

যোৱা মাহত গভীৰ সাগৰত অজ্ঞাত ঠাই অন্বেষণ কৰিবলৈ প্ৰশান্ত মহাসাগৰক বাছি লৈছিল এটা অন্বেষকৰ দলে।য’ত তেওঁলোকে আৱিষ্কাৰ কৰিলে অভূতপূৰ্ব এনে এক বস্তু যি আশ্চৰ্য্যচকিত কৰিছে সকলোকে ।
প্ৰশান্ত মহাসাগৰৰ অটল তলিত দেখা গৈছে সোণালী ৰঙৰ এক অণ্ডাকাৰ বস্তু । বস্তুটো একে ঠাইত স্থিৰ হৈ থাকিলেও অৱশ্যে বিজ্ঞানীসকলে সন্দেহ কৰিছে যে সেয়া নিশ্চয় কোনো অজ্ঞাত প্ৰাণীহে।
আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডল প্ৰশাসনে (NOAA) প্ৰশান্ত মহাসাগৰত অন্বেষণ কৰিবলৈ এজন গৱেষক আৰু অভিযাত্ৰীক পঠিয়াইছিল।তেওঁলোকৰ মূল লক্ষ্য আছিল আলাস্কা উপসাগৰৰ গভীৰতা অন্বেষণ কৰা আৰু তাত লুকাই থকা ৰহস্যসমূহ উদঘাটন কৰা। সেই বিজ্ঞানীসকলে সাগৰত প্ৰবাল আৰু অন্যান্য বহু বস্তুৰ উপস্থিতি আৰু আগ্নেয়গিৰিৰ উপস্থিতিৰ বিষয়েও পৰীক্ষা নিৰীক্ষা কৰি আছে।
আগষ্ট মাহত এন অ’ এ এৰ এই গৱেষণা দলটো প্ৰশান্ত মহাসাগৰলৈ ৰাওনা হয়। তেওঁলোকৰ এই যাত্ৰা আৰম্ভ হৈছিল আলাস্কাৰ উপকূলৰ পৰা। ২৪ দিনীয়া এই অভিযানটোত সাগৰৰ চাৰি মাইল গভীৰতালৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল।
এক বাংলা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ৩০ আগষ্টত আলাস্কাৰ দক্ষিণ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত সাগৰৰ তলত এই ৰহস্যময় সোণালী ‘কণী’ উদ্ধাৰ কৰে এই অভিযানৰ অভিযানকাৰীসকলে। উল্লেখনীয় যে লাইভ টেলিকাষ্ট কৰা হৈছিল তেওঁলোকৰ এই অভিযান ।
গৱেষকসকলে কয় যে ডিম্বাকৃতিৰ এই বস্তুটোৰ এটা অংশত মাত্ৰ এটা লিকহে দেখা গৈছে। তাৰ পৰাই তেওঁলোকৰ এটা ধাৰণা হয় যে ই এটা অজ্ঞাত সাগৰীয় প্ৰাণী হ’ব পাৰে। যাৰ মাত্ৰ কঠিন খোলাটোহে বাহিৰৰ পৰা দেখা যায়।
মিডিয়া গাৰ্ডিয়ানৰ প্ৰতিবেদন অনুসৰি সাগৰৰ এই ৰহস্যজনক বস্তুটো কি সেই বিষয়ে জানিবলৈ ইতিমধ্যে পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছে। আনহাতে চলি আছে ‘কণী’ৰ বিশ্লেষণো ।
অন্বেষকসকলৰ ডুব যোৱাৰ পৰা প্ৰতিফলিত হোৱা পোহৰৰ বাবেই এই বস্তুটো সোণালী যেন দেখা গৈছিল বুলি বিজ্ঞানীসকলে দাবী কৰিছে। আন বিভিন্ন ছবি পৰীক্ষা কৰাৰ পিছত বিজ্ঞানীসকলৰ সামূহিক সিদ্ধান্ত হ’ল যে বস্তুটোৰ ৰং আচলতে হালধীয়া-বাদামী।
প্ৰাথমিক পৰ্যবেক্ষণৰ অন্তত বিজ্ঞানীসকলে কয় যে ডিম্বাকৃতিৰ বস্তুটো ছালৰ কলাৰ দৰে পদাৰ্থৰে গঠিত। অন্ততঃ বাহিৰৰ পৰা দেখাত এনেকুৱাই।
পৰীক্ষাৰ বাবে বস্তুটোৰ লগত ৰিম’ট কণ্ট্ৰ’ল কৰা বাহু এটা সংলগ্ন কৰা হৈছিল। ইয়াৰ লগত এটা নলীও সংযোগ কৰা হয়। এতিয়া ৰহস্যময় ‘কণী’টোক লৈ থকা ব্যস্ততাৰ অন্ত নাই।
জানিব পৰা মতে এই অণ্ডাকাৰ বস্তুটোৰ ব্যাস চাৰি ইঞ্চি।যাৰ সচৰাচৰ দেখা পোৱা কোনো প্ৰাণীৰ বৈশিষ্ট্যৰ সৈতে মিল নাই।
উল্লেখযোগ্য যে প্ৰশান্ত মহাসাগৰত বহু নতুন জীৱ-জন্তু আৱিষ্কাৰ হৈছে।

এন অ’ এ এৰ এজন বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, পৰীক্ষাগাৰত ভালদৰে পৰ্যবেক্ষণ নকৰিলে এই আচৰিত বস্তুটোৰ বিষয়ে সম্পূৰ্ণৰূপে প্ৰকাশ কৰাটো সম্ভৱ নহয়।
প্ৰশান্ত মহাসাগৰৰ সোণালী ‘কণী’ৰ ৰহস্য সমাধানৰ বাবে বিজ্ঞানী আৰু সামুদ্ৰিক জীৱবিজ্ঞানীসকলৰ পৰামৰ্শ লৈছে এন অ’ এ এয়ে।আনহাতে এই ৰহস্য অতি সোনকালে সমাধান হ’ব বুলি আশাবাদী বিজ্ঞানীসকল।

Previous Post

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7