VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

voicedesk by voicedesk
December 10, 2023
in মুখ্য সংবাদ
নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
0
SHARES
296
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৯ডিচেম্বৰ:- ২০০৫ চনৰ পৰা ইলোৰা বিজ্ঞান মঞ্চই পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে। এইগৰাকী সমাজ সংস্কাৰকৰ জন্ম দিৱসত স্মৰণ কৰি বৰ্তমানৰ সমাজত মানৱতাবাদী মতৰ ধ্বজা বাহক ৰূপত নতুন প্ৰজন্মক গঢ়ি তুলিবৰ বাবে তেওঁৰ কৰ্মৰাজি মূল্যায়ন আৰু অৱলোকনৰ প্ৰয়োজন হৈ পৰিছে । এনে এক সন্ধিক্ষণত ইলোৰা বিজ্ঞান মঞ্চৰ নগাঁও জিলাৰ কলিয়াবৰ শাখাৰ উদ্যোগত শনিবাৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন কৰে। এই উপলক্ষে কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীম প্ৰসাদ শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাৰ গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ’বলৈ আহ্বান জনায়।

সভাৰ প্ৰাৰম্ভতে কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰে । ভাষণ প্ৰসংগত দাহালে কয় যে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্চগা কৰিছিল এই জীৱন। সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধবা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি । ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল। তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব। দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপণ হৈছিল। হেমচন্দ্ৰ বৰুৱাই না না প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল।সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰেক্টৰ দিলীপ কুমাৰ হাজৰিকা,পৰিচালনা সমিতিৰ সম্পাদক মোহন শইকীয়া তথা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । উল্লেখ্য যে ১৮৩৫চনৰ ১০ ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম গ্ৰহণ কৰা হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। বৰুৱাই অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰি অসমীয়া ব্যাকৰণ,অসমীয়া ল’ৰাৰ ব্যাকৰণ,তুলনামূলক ব্যাকৰণ, অসমীয়া ল’ৰাৰ আদিপাঠ, পাঠমালা,স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়,কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী,আছামিজ মেৰিজ চিষ্টেম আদি গ্ৰন্থৰ অৱদান আগবঢ়াইছিল ।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অসুস্থ, সংকটজনক অৱস্থাত চিকিৎসাধীন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অসুস্থ, সংকটজনক অৱস্থাত চিকিৎসাধীন

জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অসুস্থ, সংকটজনক অৱস্থাত চিকিৎসাধীন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7