VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত পদ্মশ্ৰী যাদৱ পায়েঙক “ছহিদ কৰম সিং জনমভূমি বঁটা” প্ৰদান,নন্দ সিং বৰকলাৰ “হাদিৰাচকী” উন্মোচন

voicedesk by voicedesk
December 11, 2023
in মুখ্য সংবাদ
নগাঁৱত পদ্মশ্ৰী যাদৱ পায়েঙক “ছহিদ কৰম সিং জনমভূমি বঁটা” প্ৰদান,নন্দ সিং বৰকলাৰ “হাদিৰাচকী” উন্মোচন
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১০ডিচেম্বৰ:–নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত ৰবিবাৰে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পৃথিৱীৰ সেউজীয়া মানুহ,”ফৰেষ্ট মেন অফ ইণ্ডিয়া” অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙক ২০২৩ বৰ্ষৰ “শ্বহীদ কৰম সিং জনমভূমি বঁটা” প্রদান কৰা হয় ৷ বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰে “আমাৰ অসম” কাকতৰ মুখ্য সম্পাদক তথা বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে ৷ বঁটাগ্ৰহণ কৰি অৰণ্য মানৱ গৰাকীয়ে কৈশোৰ অৱস্থাত তেওঁৰ ৰক্তত প্ৰোথিত হোৱা অৰণ্য প্ৰেমৰ আৰম্ভণিৰ দিনবোৰৰ কথা বৰ্ণনা কৰে৷ অৰণ্য পাতি গাঁৱলৈ হাতী, গঁড়,বাঘ আদি মাতি অনা বাবে তেওঁক কেনেকৈ মানুহে বেয়া পাইছিল সেয়া বৰ্ণনা কৰে। উল্লেখ্য যে অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন (১৯৭৯-৮৫)ত অসমীয়া শিখ গাঁও নগাঁও জিলাৰ বৰকলাৰ সুযোগ্য সন্তান কৰম সিং ১৯৮৩ চনৰ ১মার্চত নগাঁও জিলাৰ কামপুৰৰ ওচৰত ছহিদ হৈছিল। ছহিদগৰাকীৰ পৰিয়ালে তেখেতৰ স্মৃতি জিলিকাই অসমীয়া শিখসকলৰ সমাজ জীৱনক অধিক চহকী কৰিবলৈ ২০১৯ চনত “ছহিদ কৰম সিং ন্যাস,অসম, দুলিয়াজানৰ সৌজন্যত পৰিয়ালৰ একান্ত অর্থ ব্যৱস্থাত এটি ন্যাস গঠন কৰে।

এই ন্যাসৰ দ্বাৰা প্ৰতি বছৰে অসমৰ সমাজ জীৱনক চহকী, স্বাভিমানী কৰি তোলা একোজন ধীমান, কৃতধী ব্যক্তিক “ছহিদ কৰম সিং জনমভূমি বঁটা” প্রদান কৰি আহিছে । অনুষ্ঠানতে বিশিষ্ট মননশীল লেখক ড° নন্দ সিং বৰকলাৰ নৱতম উপন্যাস ‘হাদিৰাচকী’ উন্মোচন কৰা হয়। কাকলি শইকীয়াৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে ছহিদ কৰম সিঙৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে অৰণ্য মানৱ যাদৱ পায়েং,ছহিদগৰাকীৰ জ্যেষ্ঠ ভাতৃ জিৎ সিং প্ৰমুখ্যে কৰি বিশিষ্টসকলে ৷ আদৰণি ভাষণ আগবঢ়াই সাংবাদিক জ্যোতি প্ৰসাদ বৰাই নিজৰ শ্ৰুতিমধুৰ বক্তব্যত ছহিদ কৰম সিঙৰ আত্মবলিদান আৰু হাদিৰাচকী ৰণৰ পটভূমিৰ আভাস দাঙি ধৰে ৷ বিশিষ্ট অতিথিৰ ভাষণত নগাঁৱৰ ঐতিহ্যমণ্ডিত সাপ্তাহিক কাকত “কলংপাৰ”ৰ সম্পাদক গুৰমাইল সিঙে অসম আন্দোলনত অসমৰ শিখ সমাজৰ অৱদানৰ ওপৰত আলোকপাত কৰে ৷ তেওঁ “ছহিদ কৰম সিং জনমভূমি বঁটা” প্ৰদানৰ উদ্যোগ লোৱা বাবে ছহিদগৰাকীৰ পৰিয়ালৰ শলাগ লোৱাৰ লগতে ড° নন্দ সিং বৰকলাৰ অক্লান্ত কৰ্ম স্পৃহাৰ প্ৰশংসা কৰে ৷ তেওঁ আৰু কয় যে মানুহে সহানুভূতি আদায়ৰ বাবে চেষ্টা চলোৱাৰ পৰিবৰ্তে সদায় নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিবলৈ তৎপৰ হোৱা উচিত ৷ আনহাতে ড° নন্দ সিং বৰকলাই তেওঁৰ নৱতম গ্ৰন্থ “হাদিৰা চকী”ৰ ৰচনাৰ আঁৰৰ কথা বক্ত কৰে। তেওঁ লগতে অৰণ্যমানৱ যাদৱ পায়েঙৰ বিলাসিতাহীন অথচ অসাধাৰণ বৰ্ণাঢ্য জীৱন শৈলীৰো বৰ্ণনা কৰে ৷ তেওঁ কয় যে অৰণ্য হৈছে অহিংসা আৰু সীমাহীনতাৰ প্ৰতীক ৷

নিজৰ অভিজ্ঞতা এটা ব্যক্ত কৰি কয় যে এবাৰ মাজুলীত এখন অত্যাধুনিক গাড়ীৰ পমখেদি যাওঁতে দেখিছিল চেক’শ্লেভিয়াৰ দুজন পৰ্যটকক এখন বিলৰ এবুকু পানীত চৰাইৰ ফটো আৰু মাত সংগ্ৰহ কৰা অৱস্থাত ৷ অৰণ্যৰ প্ৰেমত পৰা মানুহবোৰ এনেকুৱাই ৷ ইয়াৰ লগতে তেওঁ অসমলৈ শিখসকলৰ আগমনৰ কথা,ইন্দিৰা গান্ধীৰ হত্যাৰ পৰা পঞ্জাৱৰ গণ হত্যালৈকে,সঞ্জয় ঘোষৰ পৰা আৰম্ভ কৰি কমলা শইকীয়াৰ হত্যালৈকে,অসম আন্দোলনৰ ৰক্তাক্ত দিনৰ কথা নিজৰ সুদীৰ্ঘ ভাষণত বৰ্ণনা কৰে ৷ এই সভাতে শিল্পী লক্ষীপ্ৰভা শইকীয়াই নিজে অংকন কৰা ড৹ নন্দ সিং বৰকলাৰ এখনি ছবি সাহিত্যিকগৰাকীক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে ৷ জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথে কবি নলিনীবালা দেৱীৰ “জনমভূমি” কবিতাটো গুণগুনাই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সাংস্কৃতিক সংগঠক গৌৰী প্ৰসাদ শৰ্মাই আঁত ধৰা সভাত অন্যান্যসকলৰ লগতে গল্পকাৰ শিৱানন্দ কাকতি,বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া,প্ৰদীপ শইকীয়া, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েং,ছহিদ কৰম সিং ন্যাসৰ কৰ্মকৰ্তা সকলকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে ৷ উল্লেখ্য যে ছহিদ কৰম সিং ন্যাস,অসম,দুলীয়াজানৰ সৌজন্যত আগবঢ়োৱা “শ্বহীদ কৰম সিং জনমভূমি বঁটা”ত আছে প্ৰশস্তি পত্ৰৰ উপৰি নগদ পঞ্চাশ হাজাৰ টকা,এটি স্মাৰক,শৰাই, গামোচা,অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ।

Previous Post

নগাঁৱৰ কলিয়াবৰত “মঞ্চ”ৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদৰ গীত প্ৰতিযোগিতাৰ সামৰণি

Next Post

১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী? হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী?  হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা

১০০ টকাত কোনে পালে ৭৬ লাখ টকীয়া গাড়ী? হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ ফলাফল ঘোষণা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7