বিভিন্ন দাবীৰ সমর্থনত সদৌ অসম প্রাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্রাথমিক শিক্ষক(টিউটৰ) সংস্থাই তিনিদিনীয়া অৱস্থান ধৰ্মঘট আন্দোলন কাৰ্য্যসূচী ৰূপায়ণ কৰিব ৷ । গুৱাহাটীৰ চচলস্থিত প্ৰতিবাদস্থলীত অহা ১২, ১৩ আৰু ১৪ ডিচেম্বৰত অসমৰ সকলো জিলাৰ টিউটৰ শিক্ষাগুৰুৱে যোগদান কৰি ন্যায্য প্ৰাপ্তিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰয়াস কৰিব ।
এক বিবৃতিত সংস্থাই কয় যে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত সর্বানন্দ সোনোৱালদেৱ নেতৃত্বাধীন চৰকাৰে, বর্তমানৰ মুখ্যমন্ত্রী গৰাকী শিক্ষামন্ত্রী থকা কালতে, অসমৰ ভেঞ্চাৰ স্কুল কলেজ প্রাদেশিকীকৰণৰ হুকুম পত্র বিতৰণ কৰিছিল । সৰুসজাই ষ্টেডিয়ামত বিশাল আয়োজন কৰি প্ৰাদেশিকীকৰণ আইন ২০১৭ মতে, কেৱল শিক্ষক পদসমূহ টিউটৰ হিচাবে প্রাদেশিকীকৰণ কৰা হয় । অসমৰ ৯৭৯৫ গৰাকী নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক(টিউটৰ) মাজৰ পৰা ইতিমধ্যে বুজন সংখ্য়কে অৱসৰ গ্ৰহণ কৰিছে, অধিকাংশই অৱসৰৰ দুৱাৰদলীত অৱস্থান কৰি আছে । যথেষ্ট সংখ্য়ক সন্মানীয় শিক্ষাগুৰুৱে ইতিমধ্যে মৃত্যুবৰণো কৰিছে । এনে এক স্থিতিত, সামাজিক গ্লানি আৰু মানসিক চাপৰ মাজত জীৱন যাপন কৰিবলগীয়া হৈছে এই টিউটৰ শ্ৰেণীয়ে । চৰকাৰৰ সুহৃদয়ৰ আশাত অনেক প্ৰয়াস, আবেদন-নিবেদন কৰি থকা হৈছে যদিও আশাব্যঞ্জক বতৰাৰ উমান পৰিলক্ষিত হোৱা নাই । সেয়েহে উপায়ন্তৰত পুনৰ আন্দোলনৰ পথ গ্ৰহণৰ সিদ্ধান্তৰে অৱস্থান ধৰ্মঘট ৰূপায়ণৰ প্ৰস্তুতি কৰা হৈছে । অসমৰ সকলো জিলাৰ পৰা টিউটৰ শিক্ষাগুৰুৱে যোগদান কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে প্ৰচেষ্টাৰে অনতিপলমে সমস্যাসমূহৰ নিষ্পত্তিৰ বাবে প্ৰতিবাদ কৰিব ।
তেওঁলোকৰ দাবীসমূহ হৈছে টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ কৰি মৰ্য্যাদা প্ৰদান কৰা, টিউটৰসকলক বৰ্ধিত হাৰত বেতন প্ৰদান কৰা, ইতিমধ্যে অৱসৰ গ্ৰহণ/মৃত্যুবৰণ হোৱা টিউটৰ/পৰিয়ালবৰ্গলৈ ঘোষণা কৰা মতে ১০ লাখ টকাৰ গ্ৰেচ্যুইটী প্ৰদান কৰা আৰু আগ্রহী কর্মৰত শিক্ষক(টিউটৰ)ক বৃত্তিমূলক প্রশিক্ষণ গ্রহণৰ বাবে সুবিধা প্রদান কৰা ৷