সাংসদ অজিত কুমাৰ ভুঞাৰ সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত নিলম্বিত এচিএছ বিষয়া সুকন্যা বৰাৰ ঘৰত কালি চিএম ভিজিলেন্সে অভিযান চলায় ৷ এই অভিযান কালতে পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য ৷ দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত এপিএছ হোৱা সুকন্যাই নামে বেনামে গঢ়ি তুলিছিল ৷ কামৰূপ জিলাৰ এডিচি হিচাপে কার্যনিবাহ কৰাৰ সময়ত নিলম্বিত সুকন্যাৰ সম্পত্তি দেখিলে আপোনাৰো চকু কপালত উঠিব ৷
৮ বছৰীয়া চাকৰিকালত সুকন্যা বৰাই ১০ কোটিৰো অধিক টকাৰ সম্পত্তি ক্ৰয় কৰিছে ৷গুৱাহাটী আৰু মৰিগাঁৱত সুকন্যাৰআছে বিশাল সম্পত্তি আছে। জানিব পৰা মতে, গুৱাহাটীৰ চাৰি ঠাইত সুকন্যাৰ মাটি আৰু ফ্লেট থকাৰ লগতে আমিনগাঁৱতো কেইবা বিঘা মাটি তেওঁ ক্ৰয় কৰিছে । দক্ষিণ শৰণীয়াৰ পৈতিৃক সম্পত্তিৰ লগতে জয়ানগৰত সুকন্যা বৰাৰ বিলাসী ফ্লেট আছে। ইজয়ানগৰৰ চিণ্ডিকেট আৰকেভিয়া এপাৰ্টমেণ্টতো সুকন্যাৰ আন এটা বিলাসী ফ্লেট আছে। কেৱল জয়নগৰৰ ঘৰটোৰ মূল্যই ২ কোটি টকাৰো অধিক। ফ্লেটত তেওঁ ব্যৱহাৰ কৰিছে আমদানিকৃত আচঁবাব ৷
উল্লেখ্য যে, ২০১৫ চনৰ সুকন্যা বৰাই ৰাকেশ পালৰ আমোলত চাকৰি লাভ কৰিছিল । অৱশ্যে এই কেলেংকাৰীৰ অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ তালিকাত এতিয়াও সুকন্যা বৰাৰ নাম অন্তভূর্ক্ত হোৱা নাই। লক্ষণীয় যে সুকন্যা সাংসদ পুঁজিৰ নিৰ্মাণ সমিতিৰ সভানেত্ৰী আছিল। ভিজিলেঞ্চে সুকন্যাৰ মৰিগাঁৱত থকা মাটিৰ নথি-পত্ৰ জব্দ কৰিছে। আনহাতে দক্ষিণ শৰণীয়া আৰু জয়ানগৰৰ ঘৰটো অভিযান চলাই নথি পত্ৰ জব্দ কৰিছে।