লোকসভাৰ গেলেৰীৰ পৰা চেম্বাৰত দুই যুৱকে জপিয়াই পৰা ঘটনাক লৈ আতংকময় পৰিৱেশৰ সূচনা হয় ।ইয়াৰ লগে লগে সংসদৰ নিৰাপত্তাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি যুৱক দুজনে লোকসভাত প্ৰৱেশ কৰি ‘ৰঙীন বোমা’ নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।
বুধবাৰৰ এই ঘটনাই ২২ বছৰ পূৰ্বে সংসদত সংঘটিত আক্ৰমণৰ স্মৃতি পুনৰ কঢ়িয়াই আনিলে। ইয়াৰ পূৰ্বে ২০০১ চনত সংসদত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।
ঘটনা অনুসৰি বুধবাৰে লোকসভাৰ শীতকালীন অধিৱেশন চলি আছিল । মালদহ উত্তৰৰ বিজেপিৰ সাংসদ খগেন মুৰ্মুৱে ভাষণ দিছিল সংসদত । হঠাৎ সভাৰ মাজতে দুজন যুৱকে জপিয়াই পৰিল। তেওঁলোক সাংসদৰ টেবুলত থিয় হয় ৷ সাংসদসকলেও আসন এৰি থিয় হয় ৷ এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়।
প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে যে আক্ৰমণকাৰীয়ে সভাত হালধীয়া গেছৰ দৰে পদাৰ্থ বিয়পাইছিল। এখন বেঞ্চৰ পৰা আন এখন বেঞ্চলৈ জপিয়াই ধোঁৱা বিয়পাই আছিল।এয়া ‘ৰঙীন বোমা’ বুলি দাবী কৰা হৈছে। গেছ দেখি সভাত আতংক বিয়পি পৰে। ধোঁৱা বিষাক্ত হ’ব পাৰে বুলি আতংকিত হৈ পৰিছিল সাংসদসকল। আক্রমণকাৰীয়ে শ্ল’গান দি থকাৰ অভিযোগ উত্থাপন হৈছে৷ সংসদৰ নিৰাপত্তাৰক্ষীয়ে ক্ষন্তেকতে তেওঁলোকক আটক কৰে। ধৰা পৰাৰ পিছত আক্ৰমণকাৰীয়ে সভা ত্যাগ কৰি শ্লোগান দি থকা দেখা যায়।
কি কি শ্লোগান আছিল আক্ৰমণকাৰীৰ? দুজন যুৱকে চিঞৰি আছিল “এনানায়কত্ববাদে কাম নকৰিব”। লোকসভা পৰিবহণ ভৱনৰ সন্মুখৰ পৰা আৰক্ষীয়ে আৰু দুজন লোকক আটক কৰে। তাৰ ভিতৰত এগৰাকী মহিলাও আছিল। লগতে একেধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে।
লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে, হঠাতে দুজন লোকে গেলেৰীৰ পৰা জপিয়াই পৰিল। তেওঁলোকৰ হাতত কিবা এটা আছিল। তাৰ পৰা হালধীয়া ৰঙৰ গেছ ওলাই আহিছিল। সাংসদে তেওঁলোকক ধৰিলে। পিছত নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক ধৰি উভতাই আনিছিল। বিয়লি ২ বজালৈ স্থগিত ৰখা হৈছে লোকসভাৰ অধিৱেশন। ২০০১ চনৰ সংসদ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ আজিও মৃত্যু দিৱস। সেইদিনা পুনৰ সংসদৰ নিৰাপত্তা ভংগ হয়।