আজিৰ পৰা প্ৰায় ৭.২ কোটি বছৰৰ আগতে, প্ৰশান্ত মহাসাগৰীত এনে এটা প্ৰাণীয়ে সকলোকে আতংকিত কৰিছিল, যাক “নীলা ড্ৰেগন” বুলি কোৱা হৈছিল।
জাৰ্নেল অৱ চিষ্টেমেটিক পেলিঅ’ণ্ট’লজীত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে গৱেষকসকলে এই বিশাল প্ৰাণীটোৰ নাম ৰাখিছিল ‘ৱাকায়ামা ছ’ৰ্যু’, যাৰ অৰ্থ হৈছে ‘ব্লু ড্ৰেগন’।
ই আছিল এটা বিলুপ্ত, বৃহৎ সাগৰীয় সৰীসৃপ।য’ত ইয়াৰ জীৱাশ্ম পোৱা গৈছিল সেই ঠাইত ইয়াক জাপানৰ ৱাকায়ামা প্ৰিফেকচাৰৰ নামেৰে নামাকৰণ কৰা হৈছিল ।
উল্লেখনীয় যে চিনচিনাটি বিশ্ববিদ্যালয়ৰ অধ্যাপক টাকুয়া কনিছিয়ে এই আচৰিত আৱিষ্কাৰৰ বিষয়ে পেলিঅ’ণ্ট’লজী জাৰ্নেলত বৰ্ণনা কৰিছে।
আনহাতে ২০০৬ চনত আকিহিৰো মিছাকিয়ে এই মোছাছৰৰ প্ৰায় সম্পূৰ্ণ জীৱাশ্ম আৱিষ্কাৰ কৰিছিল।
কনিছিয়ে কয় যে ৱাকায়ামা ছ’ৰ্যু জীৱাশ্মৰ নমুনাটো হৈছে জাপান বা উত্তৰ-পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলত পোৱা মোছাছৰৰ কংকাল।
গৱেষকসকলৰ মতে ইয়াৰ মূৰটো আছিল কুম্ভীৰৰ দৰে যাৰ বিশাল পাখি আছিল। পিছফালৰ পাখিবোৰ আগফালৰ পাখিবোৰতকৈ যথেষ্ট ডাঙৰ আছিল। গৱেষকসকলে অনুমান কৰিছে যে “সমুখৰ ডাঙৰ পাখিবোৰে হয়তো এই দ্ৰুতবেগী প্ৰাণীটোক কৌশলগত কামত সহায় কৰিছিল, আনহাতে ইয়াৰ পিছফালৰ ডাঙৰ পাখিবোৰে হয়তো পানীৰ তলত খোজ পেলাবলৈ সহায় কৰিছিল।
তেওঁলোকে এইটোও অনুমান কৰে যে আন মোছাছৰৰ দৰে নীলা ড্ৰেগনৰ ঠেংটোৱে মাছ চিকাৰ কৰাৰ লগে লগে শক্তিশালী আৰু দ্ৰুত ত্বৰণৰ ক্ষেত্ৰতোত সহায় কৰে।
১৫ বছৰ ধৰি মোছাছৰৰ ওপৰত অধ্যয়ন কৰি অহা কনিছিয়ে কয় যে এপেক্স প্ৰিডেটৰটোৰ দৃষ্টিশক্তি প্ৰায় বাইনোকুলাৰৰ দৰে আছিল যাৰ বাবে ই মাৰাত্মক চিকাৰী হৈ পৰিছিল। এই দানৱীয় জীৱটোৰ পৃষ্ঠীয় পাখিও আছিল বগা হাঁহৰ দৰেই পাঁচ ফুটতকৈও অধিক দীঘল আছিল।