এইবাৰ ন-সাজত দেখা পাব এয়াৰ ইণ্ডিয়াৰ পাইলট-বিমান পৰিচাৰিকা সকলক ৷ কিয়নো জনপ্ৰিয় ডিজাইনাৰ মণীষ মলহোত্ৰাই ডিজাইন কৰিছে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী সকলৰ বাবে এক বিশেষ পোচাক ৷
সামাজিক মাধ্জমতো ভাইৰেল হৈ পৰিছে মনীষ মালহোত্ৰাই এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰী সকলৰ বাবে ডিজাইন কৰা এই বিশেষ পোচাক ৷
ফেশ্বন জগতত বৰ্তমান সময়ৰ এটি পৰিচিত নাম মনীষ মালহোত্ৰা। প্ৰতিবাৰৰ দৰে এইবাৰো তেওঁৰ শিল্পৰ বাবেই সেয়ে সংবাদ শীৰ্ষত ডিজাইনাৰ গৰাকীৰ নাম ।
১২ ডিচেম্বৰত এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰু আৰু পাইলটৰ সাজ-পোছাক ডিজাইন কৰি পুনৰবাৰ যেন নিজৰ দক্ষতা প্ৰতিপন্ন কৰিলে মনীষ মালহোত্ৰাই।
এতিয়াৰ পৰা বিমান সংস্থাটোৰ মহিলা কৰ্মচাৰী সকলে সময়ৰ লগত খাপ খোৱাকৈ পৰিধান কৰিব আধুনিক ওম্ব্ৰে শাৰী, আনহাতে পুৰুষসকলে পৰিধান কৰিব বন্ধগালা । ইয়াৰ উপৰিও মনীষে ককপিটৰ কৰ্মচাৰী সকলৰ বাবে ডিজাইন কৰিছে ক্লাছিক ক’লা চুট । এয়াৰ ইণ্ডিয়াৰ এই নতুন ইউনিফৰ্ম প্ৰৱৰ্তন কৰা হ’ব এয়াৰবাছ এ৩৫০ সেৱাৰ সৈতে ।
এয়াৰ ইণ্ডিয়াৰ জ্যেষ্ঠ মহিলা কেবিন ক্ৰুৰ বাবে বেঙুনীয়া ৰঙৰ ব্লেজাৰৰ সৈতে বেঙুনীয়াৰ পৰা মটীয়া ৰঙৰ হ’ব এই অম্ব্ৰে শাৰী, আনহাতে জুনিয়ৰ মহিলা কেবিন ক্ৰুৱে ৰঙা ব্লেজাৰৰ সৈতে পৰিধান কৰিব ৰঙাৰ পৰা বেঙুনীয়া শাৰী ।
ককপিটৰ সদস্যসকলে পৰিধান কৰিব ভিষ্টা প্ৰিন্টৰ সৈতে ক্লাছিক ক’লা ডাবল ব্ৰেষ্টেড ছুট।
ডিজাইনাৰ মনীষ মালহোত্ৰাই এই সন্দৰ্ভত কয় যে তেওঁৰ উদ্দেশ্য আছিল ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ সাৰমৰ্ম প্ৰদৰ্শন কৰা ইউনিফৰ্ম তৈয়াৰ কৰাৰ লগতে আধুনিক আৰু অনন্য ৰূপো প্ৰদান কৰা। তেওঁ লগতে কয় যে এয়াৰ ইণ্ডিয়াৰ বাবে ইউনিফৰ্ম ডিজাইন কৰাৰ সুযোগ পাই তেওঁ সন্মানিত অনুভৱ কৰিছে। তেওঁৰ বাবে ই এক সৌভাগ্যৰ কথা। লগতে তেওঁ কয় যে তেওঁ এনে সাজ-পোছাক তৈয়াৰ কৰিব বিচাৰিছে যিয়ে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিফলিত কৰাৰ লগতে আধুনিক আৰু অনন্য ৰূপো প্ৰদৰ্শন কৰিব।
এই ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী আৰু পৰিচালন সঞ্চালক কেম্পবেল উইলছনে কয় যে এয়াৰ ইণ্ডিয়াৰ ক্ৰু মেম্বাৰৰ ইউনিফৰ্ম অতিতৰ পৰাই কিছু সুকীয়া আৰু তেওঁলোকে বিশ্বাস কৰে যে মনীষ মালহোত্ৰাৰ ডিজাইন দ্য আউটফিটে এয়াৰ ইণ্ডিয়াৰ বাবেও এক ইতিবাচক বাৰ্তাকেই প্ৰেৰণ কৰিব৷
ইতিহাসত ই যেন এক নতুন অধ্যায়। এই সাজ-পোছাক তেওঁলোকৰ বাবে যেন এক নতুন পৰিচয়, যি তেওঁলোকৰ সেৱাৰ দৰ্শন আৰু তেওঁলোকৰ কামক সুন্দৰভাৱে প্ৰতিফলিত কৰিছে।
কেৱল এয়াই নহয়, ইউনিফৰ্মৰ সৈতে পিন্ধিব পৰা জোতাও প্ৰস্তুত কৰিছে ডিজাইনাৰগৰাকীয়ে। মহিলাসকলে ডুৱেল টোন (ক’লা আৰু বুৰ্গাণ্ডী) ব্লক হিল পিন্ধাৰ বিপৰীতে পুৰুষ কেবিন ক্ৰুৱে পিন্ধা দেখা যাব আৰামদায়ক ক’লা ব্ৰ’গ । ইউনিফৰ্মত মহিলা কেবিন ক্ৰুৰ বাবে আছে মুকুতাৰ কাণফুলি আৰু স্লিং বেগো ।