প্ৰতিজন পিতৃ-মাতৃয়েই হয়তো নিজৰ সন্তানক সদায় সফল ৰূপত চাবলৈ বিচাৰে ৷ সেয়েহে সফলতাৰ শিখৰত উপনীত হ’বলৈ পিতৃ-মাতৃয়েও সৰুৰে পৰাই নিজৰ সন্তানক নেতৃত্বশীল ৰূপত গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। সেয়েহে ইয়াৰ বাবে কিছুমান কথা অতি গুৰুত্বপূৰ্ণ, যেনে শিশুটিৰ আত্মবিশ্বাস, জ্ঞান যোগাজোগৰ দক্ষতা আদি।
কিছু ক্ষেত্ৰত অভিভাৱকে শৈশৱৰ পৰাই গুৰুত্ব দিয়া উচিত যাতে তেওঁলোকৰ মাজত নেতৃত্বৰ গুণগত মান গঢ় লৈ উঠিব পাৰে৷
আপুনি যদি আপোনাৰ সন্তানক নেতৃত্বশীল হোৱাটো বিচাৰে তেন্তে শৈশৱতে এই ৫টা গুৰুত্বপূৰ্ণ কথা শিকাওক।
১/যোগাযোগ দক্ষতা এনে এক দক্ষতা যি প্ৰতিজন অভিভাৱকেই নিজৰ সন্তানক শিকোৱা উচিত। কথা-বতৰা অৰ্থাৎ যোগাযোগৰ দক্ষতাই প্ৰতিজন ব্যক্তিক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। একে সময়তে যদি তেওঁ সংবাদ মাধ্যম, ৰাজনীতি, বিপণন আদি ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰে, তেন্তে যোগাযোগৰ দক্ষতাই তেওঁৰ বাবে অতি উপযোগী হ’ব। আজিকালি যোগাযোগৰ দক্ষতা বৃদ্ধিৰ বাবে বহুতো পাঠ্যক্ৰম আগবঢ়োৱা হয়। কিন্তু, পিতৃ-মাতৃয়ে নিজৰ সন্তানক সৰুৰে পৰা কথা ক’বলৈ প্ৰেৰণা দিব লাগে।
২/বেছিভাগ পিতৃ-মাতৃয়েই নিজৰ সন্তানৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰে। বৰ্তমান সময়ত প্ৰতিজন অভিভাৱকেই যেন সন্তানৰ বাবে নামি পৰিছে এক বেলেগ ধৰণৰ প্ৰতিযোগিতাত। স্কুলীয়া ল’ৰা-ছোৱালীৰ অভিভাৱকে তেওঁলোকৰ সন্তানক শ্ৰেণীত প্ৰথম স্থান লাভ কৰাটো বিচাৰে। ইয়াৰ বাবে তেওঁলোকে প্ৰতিটো শিশুক বহু সময় পঢ়া টেবুলত বহিবলৈ দিয়ে। বহু অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীৰ খেলা-ধূলাৰ সময়খিনিও পঢ়া-শুনা কৰি কটাবলৈ বাধ্য কৰে। চিন্তা কৰিবলগীয়া কথাটো হ’ল যেতিয়া শিশুৱে জয়ী হ’বলৈ বা প্ৰথম স্থান লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে তেতিয়া তেওঁ কেতিয়াও নিজৰ পৰাজয় মানি ল’ব নোৱাৰে। আচলতে শিশুটিক বাঢ়ি অহাৰ সময়ত এইটো বুজাব লাগে যে যদি তেওঁ প্ৰথমে নহয় বা অসফলো হয় তেতিয়াও একো নহয় কিন্তু তেওঁ চেষ্টা কৰিবলৈ এৰিব নালাগে । এটি শিশুৰ পৰাজয় স্বীকাৰ কৰিব পৰাৰ অভ্যাস নেতৃত্বৰ বাবে অতি প্ৰয়োজনীয়।
৩/শিশুৱে কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলেহে শিশুটিৰ নেতৃত্বৰ গুণগত মান বিকাশ হ’ব পাৰে। এনে গুণ বিকশিত কৰিবলৈ পিতৃ-মাতৃয়ে নিজৰ সন্তানক সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰেৰণা যোগাব লাগে।
৪/ক্ৰীড়াক কেৱল শাৰীৰিক কাৰ্যকলাপৰ বাবেই নহয় মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো অতি উত্তম বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত প্ৰায়ে খেলা-ধূলাৰ লগত জড়িত শিশুৰ জীৱনত স্থিৰতা থাকে আৰু কঠিন সময়ত তেওঁ অশান্তি নাপায়। এনে শিশুৱে প্ৰায়ে সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিয়ে। নেতাসকলৰ এটা গুৰুত্বপূৰ্ণ গুণ যে তেওঁলোকে সমস্যালৈ ভয় কৰিব নালাগে, বৰঞ্চ সমস্যাৰ সমাধানহে বিচাৰি উলিয়াব লাগে।
৫/সৰুৰে পৰাই পিতৃ-মাতৃয়ে সন্তানৰ আত্মবিশ্বাস বৃদ্ধিৰ কৰা অতি প্ৰয়োজনীয়। আত্মবিশ্বাস বৃদ্ধিৰ বাবে শিশুৱে পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজ, স্কুলৰ অনুষ্ঠান আদিত অংশ লোৱাটোও সেয়ে অতি প্ৰয়োজনীয়। এই ধৰণৰ কাৰ্য্যকলাপে শিশুৰ আত্মবিশ্বাস বৃদ্ধি কৰে। আত্মবিশ্বাসেৰে ভৰা শিশুৱে প্ৰায়ে নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ কুণ্ঠাবোধ নকৰে। নেতৃত্বৰ বাবে যি হ’ল অতি গুৰুত্বপূৰ্ণ ।