বিশ্ব স্বাস্থ্য সংস্থাই এক নিৰ্দেশনা জাৰি কৰিছে সঠিকভাৱে কৰ’না ভেকচিন চিনাক্ত কৰি উলিওৱাৰ ক্ষেত্ৰত। জনসাধাৰণৰ বাবে জাৰি কৰা এই জাননীত তেঁওলোকে যাতে সঠিক ভেকচিন চিনাক্ত কৰিব পাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে ইয়াৰ জৰিয়তে ভুৱা ভেকচিন চিনাক্ত কৰণতো সহায়ক হ’ব বুলি জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই।
উল্লেখযোগ্য যে ভাৰতৰ জনসাধাৰণক ছেৰাম সংস্থাৰ কভিশ্বিল্ড , ভাৰত বায়’টেকৰ ক’ভেক্সিন আৰু ৰাছিয়ান শাখাৰ স্পুটনিক- ভি ভেকচিন প্ৰদান কৰা হৈছে। প্ৰাপ্ত তথ্য মতে অতিৰিক্ত সচিব মনোহৰ আগনানিয়ে এই ক্ষেত্ৰত সমস্ত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে।
সঠিক ভেকচিন কিদৰে চিনাক্ত কৰিব পৰা যায় সেই বিষয়ে উল্লেখ কৰা হ’ল-
- প্ৰাপ্ত তথ্য মতে সঠিক কভিশ্বিল্ড ভেকচিনৰ সৰু বটলত ডাঠ সেউজীয়া ৰঙত SII ৰ লেবেল লগোৱা থাকিব। লগতে ট্ৰেডমাৰ্ক থকা ব্ৰেণ্ডৰ নাম আৰু এলুমিনিয়ামৰ ফ্লিপ অফ ছীল থাকিব।
- SII ল’গ’টো লেবেলটোৰ এটা নিৰ্দিষ্ট কোণত দেখা যাব , যাক কোনো বিশেষ লোকেহে চিনাক্ত কৰিব পাৰে যাৰ এইক্ষেত্ৰত সম্যক জ্ঞান থাকে।
- উল্লেখ্য যে লেবেলত থকা আখৰসমূহ স্পষ্ট আৰু পঢ়িবৰ উপযোগী হোৱাকৈ এক বিশেষ ধৰণৰ বগা চিয়াঁহীৰ দ্বাৰা লিখা থাকিব।
- মানদণ্ড অনুসৰি সম্পূৰ্ণ লেবেলটোক বিশেষ ধৰণে তৈয়াৰ কৰা হৈছে য’ত এক নিৰ্দিষ্ট কোণৰ পৰাহে দেখা পোৱা যাব।
উল্লেখ্য যে ক’ভেক্সিনৰ লেবেলত এক বিশেষ ধৰণৰ “Anti-Replication Features” আছে , যি কেৱল UV লাইটতহে দেখা পোৱা যায়।
আনহাতে স্পুটনিক ভেকচিন দুটা বেলেগ বেলেগ কোম্পানীৰ পৰা নিৰ্মাণ কৰি উলিওৱা হৈছে , য’ত দুটা চাইটৰ বাবে দুটা বেলেগ বেলেগ লেবেল থাকিব । ইয়াত সমগ্ৰ তথ্য একেই থাকিব, কেৱল কোম্পানী দুটাৰ নাম বেলেগ বেলেগকৈ উল্লেখ থাকিব।
প্ৰাপ্ত তথ্য মতে এতিয়ালৈকে সকলো ভেকচিনৰ ক্ষেত্ৰত ৫ টা ভেকচিন থকা বাকচতহে কেৱল ইংৰাজীত লিখা লেবেল বাকচৰ আগফাল আৰু পিচফালে হে লগোৱা থাকিব।আনহাতে বাকী তথ্য ৰাছিয়ান ভাষাত থাকিব বুলি জানিব পৰা গৈছে।