অসম লোকসেৱা আয়োগ(এপিএছচি)ৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে এছআইটিয়ে ৷ আজি পুনৰ দুই নিলম্বিত এপিএছ বিষয়াক জেৰা কৰিছে এছআইটিয়ে ৷ নিলম্বিত এপিএছ বিষয়া ঋতুৰাজ দলে আৰু নিতুমনি দাসক আজি চিআইডি কার্যালয়ত জেৰা কৰা হৈছে ৷ উল্লেখ্য যে দুয়োজন বিষয়াই এপিএছচিৰ মূল পৰীক্ষাত উত্তীর্ণ হ’ব পৰা নাছিল ৷ যাৰ বাবে তদানীন্তন অধ্যক্ষ ৰাকেশ পালে দুয়োৰে নম্বৰ বৃদ্ধি কৰি দিছিল ৷
বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) নিতুমণি দাসৰ মূল পৰীক্ষাৰ ৩ খনকৈ উত্তৰ বহীত জালিয়াতিৰে নম্বৰ বৃদ্ধি কৰা হৈছিল। নিতুমণিয়ে ইংৰাজী বিষয়ৰ উত্তৰ বহীত লাভ কৰিছিল ৪৮ নম্বৰ। ৰাকেশ পালে নিতুমণিৰ সেই নম্বৰ ১৪৮লৈ বৃদ্ধি কৰিছিল। শিক্ষা বিষয়ত নিতুমণিয়ে লাভ কৰিছিল ৪৯ নম্বৰ ৷ কিন্তু তেওঁক বঢ়াই দিয়া হৈছিল ১০০ নম্বৰ ৷সমাজতত্বৰ প্ৰথম পেপাৰত নিতুমণিয়ে লাভ কৰিছিল ৭০ নম্বৰ, সেই ৭০ নম্বৰ বৃদ্ধি হৈ হৈছিলগৈ ১০০ নম্বৰলৈ ৷
গোৱালপাৰাৰ এএছপি ঋতুৰাজ দলেৰ টেবুলেশ্যন ছীটতো বৃদ্ধি হৈছিল নম্বৰ। শিক্ষা বিষয়ৰ উত্তৰ বহীত ৭৯ নম্বৰ লাভ কৰিছিল ঋতুৰাজে। ১২২লৈ এই নম্বৰ বৃদ্ধি কৰা হৈছিল । বুৰঞ্জীৰ পেপাৰত ১২৭ নম্বৰ লাভ কৰিছিল ঋতুৰাজে, সেই নম্বৰ বৃদ্ধি হৈ হৈছিলগৈ ১৪৭ নম্বৰ।
তদুপৰি প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙকো জেৰা অব্যাহত ৰাখিছে এছআইটিয়ে ৷