মহানগৰীৰ গনেশপাৰাত দুটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ কৰা হৈছে ৷ গণেশপাৰাৰ ৰাজমহন পথত উদ্ধাৰ কৰা হৈছে এই নাহৰফুটুকী দুটা ৷ ইয়াক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ এই ঘটনাৰ পাছতে অঞ্চলটোত বন বিভাগৰ লোক উপস্থিত হৈছে ৷ মৃত নাহৰফুটুকী দুটাৰ এটাৰ চাৰিওখন ভৰি বান্ধি থোৱা আছিল ৷
কিন্তু কেনেদৰে এই নাহৰফুটুকী দুটাৰ মৃত্যু হ’ল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ অৱশ্যে কোনো লোকে বিহ খুৱাই বাঘ দুটা নৃশংসভাৱে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ বাঘ দুটাৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ হয়তো কোনো লোকে বাঘ দুটাক নৃশংসভাৱে প্ৰহাৰ কৰিছিল ৷ বন বিভাগৰ লোকসকলে প্ৰকাশ কৰা অনুসৰি ইয়াৰে এটা বাঘৰ দুটা দাঁত ভাঙি গৈছে ৷ বন বিভাগে ইয়াৰ তদন্ত অব্যাহত ৰাখিছে ৷