কৰ্মক্ষেত্ৰত মহিলাৰ বাবে বেতনযুক্ত ঋতুস্ৰাৱৰ ছুটীৰ প্ৰয়োজন নাই বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। বুধবাৰে ৰাজ্যসভাত সাংসদ মনোজ কুমাৰ ঝাৰ এক প্ৰশ্নৰ উত্তৰত স্মৃতি ইৰাণীয়ে কয় যে ঋতুস্ৰাৱ মহিলাৰ জীৱনৰ স্বাভাৱিক অংশ, ই কোনো প্ৰতিবন্ধকতা নহয়। ঋতুস্ৰাৱৰ বাবে বিশেষ ছুটী মঞ্জুৰ কৰা উচিত নহয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ঋতুস্ৰাৱ কোনো বাধা নহয়, ঋতুচক্ৰ মহিলাৰ জীৱনৰ এক অতি স্বাভাৱিক অংশ।স্মৃতি ইৰাণীয়ে সংসদত সকলোকে সকীয়াই দিয়ে যে ঋতুস্ৰাৱৰ ছুটীৰ ফলত কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে বৈষম্যৰ সৃষ্টি হ’ব পাৰে। স্মৃতি ইৰাণীয়ে কয়, ‘য’ত মহিলাক সমান সুযোগৰ পৰা বঞ্চিত কৰা হয়, তেনে কোনো প্ৰস্তাৱ আমি সংসদত ৰখা উচিত নহয়। যিসকলৰ ঋতুস্ৰাৱ নহয়,তেওঁলোকৰ বাবে ঋতুস্ৰাৱৰ প্ৰতি থকা মনোভাৱক গুৰুত্ব দি লাভ নাই।”
স্মৃতি ইৰাণীয়ে ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্ব বিবেচনা কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নীতি প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে। এই নীতিৰ লক্ষ্য হৈছে দেশবাসীৰ মাজত ঋতুস্ৰাৱ সম্পৰ্কে অধিক সজাগতা সৃষ্টি কৰা, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সতৰ্ক কৰা।
সোমবাৰে সংসদত এখন প্ৰতিবেদন দাখিল কৰা হয় ৷ য’ত ঋতুস্ৰাৱক গম্ভীৰ স্বাস্থ্যজনিত সমস্যা হিচাপে গণ্য কৰি সেই সময়ছোৱাত মহিলাসকলক ছুটী প্ৰদান কৰাৰ আহ্বান জনোৱা হৈছে ৷ সেই দাবীক কেন্দ্ৰ কৰি সংসদত বিতর্ক অব্যাহত আছে ৷