আৰক্ষী-অর্ধসামৰিক বাহিনীৰ অস্বিত্বক অসাৰ কৰি পুনৰ ৰাজ্যত সংঘটিত হ’ল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ যোৰহাটৰ লিচুবাৰী সেনা ছাউনিৰ সমীপত বৃহস্পতিবাৰে নিশা এই বিস্ফোৰণ সংঘটিত হয় ৷ ইয়াৰ পিছতেই সেনা ছাউনিৰ মূল দ্বাৰ বন্ধ কৰি দিয়া হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে। অৱশ্যে উক্ত বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
১৪ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত যোৰহাট সেনাৰ ফৰ্টি ৱান ছাব এৰিয়াৰ ন-আলিৰ কাষত থকা প্ৰৱেশ পথত সংঘটিত এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা(স্বাঃ)ই ৷ সংবাদ মাধ্যমলৈ ফোন কৰি আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই এই দায়িত্ব স্বীকাৰ কৰে ৷ ইয়াৰ পূর্বে ডিৰাক আৰু জয়সাগৰৰ বিস্ফোৰণৰ দায়িত্বও আলফাই স্বীকাৰ কৰিছিল ৷
সন্দেহ কৰা মতে এটা গ্রেনেড ন-আলিৰ পৰা সেনা ছাউনীৰ দেৱালৰ ভিতৰলৈ দলিয়াই দিয়া হৈছিল। এজোপা নাৰিকল গছৰ ওচৰতে হোৱা এই বিস্ফোৰণত সমগ্র লিচুবাৰী অঞ্চলটো কঁপি উঠে।
লিচুবাৰী অঞ্চলত এই বিস্ফোৰণৰ পিচতে প্ৰায়বোৰ দোকান-পোহাৰ বন্ধ হৈ পৰে। আনহাতে, এই বিস্ফোৰণৰ পূৰ্বে প্রায় ৬.৩০ বজাত যোৰহাট কাকজানৰ বাঘ কুকুৰাচোৱা অঞ্চলতো কোনো অজ্ঞাত লোকে শূন্যলৈ তিনি ৰাউণ্ড গুলীচালনা কৰে। জানিব পৰামতে এ টি ৰোডৰ পৰা এক কিলোমিটাৰ নিলগত মটৰ চাইকেলত অহা কোনো লোকে শূন্যলৈ তিনি ৰাউণ্ড গুলীচালনা কৰি উধাও হয়।