অসমীয়া ছবিজগতৰ প্ৰবীন অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ হৈ পৰিছে ৷ বার্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা অভিনেত্ৰী গৰাকীক বৃহস্পতিবাৰে শ্বিলঙৰ বেথানী হাস্পাতালত ভর্ত্তি কৰোৱা হৈছে ৷
তেওঁ ১৯৪৯ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰা কাকতিয়ে অসমীয়াৰ উপৰিও বঙালী ছবিতো অভিনয় কৰিছে। পূবেৰুণ ছবিৰে দৰ্শকৰ মাজত জনপ্ৰিয় হোৱা কাকতিয়ে ১৯৬০ চনত বাৰ্লিন চলচ্চিত্ৰ মহোসৎৱত অংশগ্ৰহণ কৰে। ২০০২ চনত তেওঁ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে।
১৯৩২ চনত অবিভক্ত অসমৰ শ্বিলঙত জ্ঞানদা কাকতিৰ জন্ম হয়। তেওঁ পিতৃ আছিল দেৱেন দাস আৰু মাতৃ বিৰজা দাস। তেওঁৰ পিতৃগৃহ পাণবজাৰত আছিল যদিও পিতৃ চাকৰিসূত্ৰে শ্বিলঙত থকাত লাবানত তেওঁলোক স্থায়ীভাৱে বসবাস কৰিছিল। তেওঁ লোহিত কাকতিৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
পিতৃ দেৱেন দাস এগৰাকী মঞ্চাভিনেতা হোৱা সূত্ৰে জ্ঞানদা কাকতিয়ে সৰুৰে পৰা এক অভিনয়ৰ পৰিৱেশ পাইছিল। দেৱেন দাসে শ্বিলঙৰ অসম ক্লাৱ নামৰ সাংস্কৃতিক অনুষ্ঠানটিৰ উদ্যোগত হোৱা নাটকত অভিনয় কৰিছিল। তেওঁ সৰু থাকোঁতে সতী বেউলা নামৰ নাটক এখনত আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰিছিল। এই নৃত্য দেখি বিষ্ণু ৰাভাই তেওঁৰ প্ৰশংসা কৰিছিল। সেই সময়ত শ্বিলঙৰ প্ৰখ্যাত ‘কামৰূপী নৃত্য সংঘ’ত জীৱেশ্বৰ গোস্বামীৰ অধীনত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লয়। কাকতিয়ে বিবাহৰ পিছতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে। ১৯৪৮ চনত মুক্তি লাভ কৰা পাৰঘাট ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ প্ৰশংসা লাভ কৰে । ইয়াৰ পিছত তেওঁ পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ, পূবেৰুণ, চাকনৈয়া, প্ৰথম ৰাগিনী, পুৱতি নিশাৰ সপোন, নৰকাসুৰ, ওপৰ মহলা, শেষ বিচাৰ, প্ৰিয়জন, ৰাগ-বিৰাগ আদি জনপ্ৰিয় ছবিত অভিনয় কৰে।