চৰকাৰী কাৰ্যালয়ত মুকলিকৈ উৎকোচ লৈ চাকৰিৰ পৰা নিলম্বন হ’ল মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ঠ সহায়ক আখেৰুজ জামান শেখ ৷ মাটিৰ কামৰ বাবে জেষ্ঠ সহায়কজনে বিভিন্ন লোকৰ পৰা ঘোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । ধন নিদিলে তেওঁ কোনো কাম নকৰাৰো অভিযোগ উত্থাপি হৈ আহিছে ৷জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হিচাপে নিয়োজিত আখেৰুজ জামান শেখ দীৰ্ঘ দিন ধৰি মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জেষ্ঠ সহায়ক হিচাপে দায়িত্ব পালন কৰি আহিছিল।দীর্ঘ দিনৰ পৰা উৎকোচ লৈ বিশাল সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
লক্ষণীয় যে মাটিৰ কাম কৰি দিয়াৰ নামত মুকলিকৈ ধন লোৱাৰ কেবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছিল আখেৰুজৰ ৷ যাৰ ভিত্তিত জিলা প্ৰশাসনে নিলম্বন কৰিছে জেষ্ঠ সহায়ক জনক।
ইতিমধ্য তদন্ত আৰম্ভ কৰিছে জিলা প্ৰশাসনে। তদন্তত দোষী সাব্যস্ত হ’লে চাকৰিৰ পৰা বৰ্খাস্ত হ’ব পাৰে জেষ্ঠ সহায়ক আখেৰুজ জামান শেখ। তেওঁৰ বিৰুদ্ধে দল সংগঠনে এজাহাৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে।