সোমবাৰে পুৱাই ধনশিৰি মহকুমাৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । কাৰ্বিআংলঙৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত এই পথ দুৰ্ঘটনাত ৪ জন লোক নিহত হয়।এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন থিতাতে নিহত হোৱাৰ লগতে আন ৪ জন গুৰুতৰভাৱে আহত হয়। আহত কেইজনক ইতিমধ্যে বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
নিহত লোককেইজন নাগালেণ্ডৰ মন জিলাৰ বুলি জানিব পৰা গৈছে ৷ আটাইকেউজন থাৰ বাহনখৰ যাত্ৰী আছিল ৷মৃত লোককেইজ হৈছে নিয়াংমেই বি কন্যাক,ন্যামছান,এন লাংফং কন্যাক আৰু ন্যাপা ৷
জানিব পৰা মতে আজি পুৱা বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত হলৌখোৱাত এই দুৰ্ঘটনাটো সংঘটিত হয়। এএছ ০১ এফজে ৪১১৪ নম্বৰৰ এখন ডিমাপুৰ অভিমুখী থাৰ বাহন আৰু এনএল ০৪ চি ৩৮০১ নম্বৰৰ গোলাঘাট অভিমুখী জিপচী বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো হয় ৷