দুর্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে চিএম ভিজিলেন্সে ৷ এইবাৰ চিএম ভিজিলেন্সৰ জালত পৰিছে এজন ডিএফঅ’ ৷ নাম আখতাৰ হুছেইন ৷ গুৱাহাটীৰ হাতীগাৱঁৰ শেৱালী পথত থকা বিশাল অট্টালিকাত চি এম ভিজিলেন্সে আজি অভিযান চলায় ৷ ৬/২০২৩ নম্বৰ গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি আটকধুনীয়া এই অট্টালিকাটৰ মুল্য কেইবাকোটি টকা হ’ব ৷ আয়ৰ সৈতে সামঞ্জস্যহীন গোচৰ ৰুজু হোৱা আখতাৰৰ আছে গোৱালপাৰাত অগাধ সম্পত্তি ৷ গোৱালপাৰত ৭ মহলীয়া অট্টালিকাসহ দুটাকৈ ঘৰ –চাৰি স্থানত মাটি আছে আখতাৰ হুছেইনৰ ৷
ডিএফঅ’ হিচাপে শিলচৰকে ধৰি কেইবাস্থানতো কর্মৰত হৈ আছিল ৷ দুর্নীতিৰে তেওঁ গঢ়িছিল পাহাৰ সম সম্পত্তি ৷ ধেমাজিত কর্মৰত হৈ থকাৰ সময়তে তেওঁ বৃহৎ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷