তামাৰহাটৰ পূৱ মৰাগদাধৰ গাঁৱত নাও দুৰ্ঘটনা সংঘটিত হৈছে । এই নাও দুৰ্ঘটনাত মালেক আলী মণ্ডল নামৰ লোকজন নৈৰ সোঁতত উটি যায়। জানিব পৰা মতে লোকজনে কন্যা আৰু ভজিতাকৰ সৈতে নাৱেৰে গৈ আছিল। গংগাধৰ নদীত সংঘটিত এই নাও দুর্ঘটনাত মালেক আলীৰ মৃত্যু হৈছে ৷ তেওঁৰ দুগৰাকী কন্যা আৰু ভতিজাকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে, নিজৰ দুই সন্তান আৰু ভতিজাক বিদ্যালয়লৈ লৈ যোৱাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়। কন্যা আৰু ভতিজাকক লৈ টুলুঙা নাওৰে মালেক আলী মণ্ডল অকলে যাত্ৰা কৰিছিল। মাজ নদীত নাওখন বুৰ যায়। দুই কন্যা আৰু ভতিজাকক পানীৰ পৰা তেওঁ কোনোমতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নিজে পানীৰ সোঁতত উটি যায়।
মালেকৰ ঘৰ আগমনি থানাৰ অন্তৰ্গত সাতভনীৰ পাৰত বুলি জানিব পৰা গৈছে। ইতিমধ্যে স্থানীয় ৰাইজে অভিযান চলাই মালেক আলীৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷