গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে তিনিজন আলফা(স্বাঃ) ৰ সদস্য ৷ মহানগৰীৰ পাণ্ডুৰ বিবিচি কলনীত আত্মগোপন কৰি থকা অৱস্থাত তিনিওকে গ্ৰেপ্তাৰ কৰা হয় ৷ ধৃত তিনি সদস্য হৈছে অসীম অধিকাৰী, মুন দেৱনাথ আৰু ৰূপজ্যোতি দাস ৷ এক গোপন খবৰৰ ভিত্তিত তেওঁলোকক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি তিনিওজন সদস্যৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰ জব্দ কৰা হৈছে ৷ তেওঁলোকৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে শেহতীয়াকৈ যোৰহাট, ডিৰাক আৰু জয়সাগৰত আলফা(স্বাঃ)-এ গ্ৰেণেড আক্ৰমণ কৰিছিল ৷ ইয়াৰ পাছতে ডিজিপি জি পি সিঙে সাধাৰণ মানুহৰ পৰিৱর্তে তেওঁক আক্ৰমণ কৰিবলৈ আলফা(স্বাঃ)ক প্ৰত্যাহ্বান জনাইছিল ৷ আনকি আলফা(স্বাঃ)-এ এই প্ৰত্যাহ্বান চর্তসাপেক্ষে গ্ৰহণ কৰিছিল ৷ ইয়াৰ মাজতে মহানগৰীৰ মাজমজিয়াৰ পৰা তিনি আলফা(স্বাঃ)ৰ সদস্যক গ্ৰেপ্তাৰে চাঞ্চল্যৰ সৃ্ষ্টি কৰিছে ৷ গুৱাহাটীত কূটাঘাত সম্পন্ন কৰাৰ লক্ষ্যৰে তেওঁলোকে বাহৰ পাতিছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছিল ৷