গোলাঘাটৰ বৰপথাৰত সোমবাৰে নিশা মানৱ সমাজক লজ্জিত কৰা এক ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি গৈছে ৷পিতৃয়েই ভৰিৰে গচকি অতি নৃশংসভাৱে ৪ বছৰীয়া সন্তানক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ ।
মৃত শিশুটিৰ আইতাকে প্ৰকাশ কৰা অনুসৰি ভাষ্য অনুসৰি কান্দি থকাৰ বাবেই পিতৃ প্ৰশান্ত হাওয়ে ভৰিৰে গচকি হত্যা কৰে একমাত্ৰ পুত্ৰক । অভিযোগ অনুসৰি পিতৃয়ে নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল।
কিন্তু ঘটনাৰ কথা গম পাই স্থানীয় এজন যুৱকে স্থানীয় গাওঁৰক্ষী বাহিনীক খবৰ দিয়াত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে ।
লোকজনৰ পত্নী আৰু দুই কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে বাস কৰে । বিভিন্ন অপৰাধ মূলক কাৰ্যত জড়িত প্ৰশান্ত পূৰ্বেও বহুবাৰ জেললৈ গৈছে বুলি জানিব পৰা গৈছে ৷