সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত নিলম্বিত হোৱা এচিএছ বিষয়া সুকন্যা বৰাৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে চিএম ভিজিলেন্সে ৷ আজি পুনৰ তৃতীয়দিনাৰ বাবে সুকন্যা বৰাক ভিজিলেন্সে জেৰা চলাইছে ৷ তদাৰকী কোষৰ বিষয়াই সোমবাৰে সুকন্যাক সকলো প্ৰশ্ন লিখিতভাৱে দিছিল। আজি সুকন্যাই ভিজিলেঞ্চৰ কাৰ্যালয়ত সেই লিখিত প্ৰশ্নৰ উত্তৰ জমা দিব লাগিব। পূৰ্বতে হোৱা দুদিনৰ জেৰাত সুকন্যাই কোনোধৰণৰ সহযোগিতা আগবঢ়োৱা নাছিল ৷
ইপিনে দিন যোৱাৰ লগে লগে সুকন্যাৰ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে ৷ চাকৰিকালৰ ৮ বছৰৰ ভিতৰতে কোটি কোটি টকাৰ সম্পত্তি গোটোৱা বিষয়াগৰাকীৰ মৰিগাৱঁত আছে ২৭ বিঘা মাটি ৷ পূৰ্বতে মৰিগাঁৱত বিষয়াগৰাকীৰ ১৭ বিঘা মাটি থকাৰ তথ্য পোৱা গৈছিল। কিন্তু এতিয়া পোহৰলৈ আহিছে যে তেওঁ ১৭ বিঘা নহয়, ২৭ বিঘা মাটি ক্ৰয় কৰিছিল মৰিগাঁৱত ৷
কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত থকা সুকন্যাৰ সম্পত্তিৰ তালিকা এতিয়াও আৰক্ষীৰ হাতত পৰা নাই। আয়ৰ তুলনাত সামঞ্জস্যহীন সম্পত্তিৰ গোচৰ ৰুজু কৰা হৈছে ৷ তেওঁ সম্পত্তিৰ বহু তথ্য লুকুৱাইছে বুলি জানিব পৰা গৈছে ৷