ৰাকেশ পালৰ আশীষধন্য হৈ চাকৰি লাভ কৰা বিষয়াৰ জেৰা অব্যাহত ৰাখিছে এছআইটিয়ে ৷ ২১ ডিচেম্বৰত জেৰাৰ বাবে তলব কৰা হৈছে দুই নিলম্বিত বিষয়াক ৷ এছআইটিত হাজিৰ হ’ব লাগিব এপিএছ নীলাঞ্জল গগৈ আৰু সহকাৰী নিয়োগ বিষয়া বিকাশ শৰ্মা । ইপিনে গ্ৰেপ্তাৰৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিকাশ শর্মা ৷ তেওঁ অগ্ৰিম জামিন বিচাৰি আদালতত আৱেদন দাখিল কৰিছে ৷ ২১ ডিচেম্বৰত কেছ ডায়েৰী তলব কৰিছে ন্যায়ালয়ে ৷ ইয়াৰ পূর্বে এপিএছ ৰুমিৰ তিমুংপিক জেৰা কৰিছিল এছআইটিয়ে ৷
ইপিনে আন দুই ধৃত বিষয়া ঐশ্বর্য জীৱন বৰুৱা আৰু ৰাকেশ দাসৰ জামিন নাকচ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে ৷ এপিএছ বৰুৱা আৰু সহকাৰী নিয়োগ বিষয়া দাসক এছআইটিয়ে গ্ৰেপ্তাৰ কৰিছিল ৷