উৎকোচ লৈ আৰক্ষীৰ জালত পৰিছে কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়া আৰু এনফ’ৰ্চমেণ্ট চেকাৰ। কৰিমগঞ্জৰ ডিটিঅ’ চাহাব উদ্দিন তাপাদাৰ আৰু এনফ’ৰ্চমেণ্ট চেকাৰ আবু ছালেহ জাকাৰিয়াক গ্ৰেপ্তাৰ কৰা হৈছে । ১০ হাজাৰ টকা ঘোচ লোৱাৰ সময়তে কৰিমগঞ্জৰ জিলা পৰিবহণ বিভাগৰ এনফ’ৰ্চমেণ্ট চেকাৰগজনক হাতেলোটে গ্ৰেপ্তাৰ কৰা হয় ।
তদুপৰি ডিটিঅ’ৰ ওপৰত দীৰ্ঘদিন ধৰি চালানৰ নামত অবৈধভাৱে গাড়ী চালকৰ পৰা টকা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈ আহিছে । বুধবাৰ নিশা প্ৰায় ১০.৩০ বজালৈ দুৰ্নীতি নিবাৰক শাখাৰ দলে কৰিমগঞ্জৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে।