এপিএছচিৰ নিযুক্তি কেলেংকাৰিত আজি জেৰা চলোৱা হৈছে দুই নিলম্বিত বিষয়াক ৷ আজি এছআইটিৰ সন্মুখত হাজিৰ হৈছে এপিএছ নীলাঞ্জল গগৈ আৰু এচিএছ বিকাশ শৰ্মা ৷ আজি পুৱা ১০ বজাত তেওঁলোক চিআইডি কার্যালয়ত হাজিৰ হৈছে ৷ এই দুই বিষয়া এপিএছচিৰ মূল পৰীক্ষাত উৰ্ত্তীণ হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি নিলম্বিত এপিএছ নীলাঞ্জল গগৈয়ে ইংৰাজীত ১২৫ নম্বৰ লাভ কৰিছিল। কিন্তু ৰাকেশ পালে সেই নম্বৰ ১৭৫ লৈ বৃদ্ধি কৰিছিল ৷ লগতে, বুৰঞ্জীৰ প্ৰথম প্ৰশ্নকাকতত নীলাঞ্জলে ১০৬ নম্বৰ লাভ কৰিছিল ৷সেই নম্বৰ ১৬৬ নম্বৰ কৰা হৈছিল। টেবুলেশ্যন ছীটত নীলাঞ্জল গগৈৰ দুটা বিষয়ত মুঠ ১১০ নম্বৰ বৃদ্ধি কৰা হৈছিল।
ইফালে, এচিএছ বিকাশ শৰ্মাই পৰীক্ষাত ইংৰাজী বিষয়ত মাত্ৰ ৫৫ নম্বৰ লাভ কৰিছিল। পিছত সেই নম্বৰ ২০২ লৈ বৃদ্ধি কৰা হৈছিল। ৰাজনীতি বিজ্ঞানৰ প্ৰথম প্ৰশ্নকাকতত বিকাশে মাত্ৰ ৬১ নম্বৰ পাইছিল। কিন্তু টেবুলেশ্যন ছীটত ১১১ নম্বৰ বৃদ্ধি কৰা হৈছিল। লগতে, ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় প্ৰশ্নকাকততো বিকাশে মাত্ৰ ৬৬ নম্বৰ পাইছিল, যি টেবুলেশ্যন ছীটত বৃদ্ধি কৰি ১১৬ নম্বৰ কৰা হৈছিল। আনহাতে, অসমীয়া প্ৰথম প্ৰশ্নকাকতত বিকাশক ২০ নম্বৰ বঢ়াই টেবুলেশ্যন ছীটত ১৩৯ নম্বৰ কৰা হৈছিল। অসমীয়া বিষয়ৰ দ্বিতীয় প্ৰশ্নকাকততো বিকাশে ১০৯ নম্বৰ পাইছিল যি ১২৯ নম্বৰলৈ বৃদ্ধি কৰা হৈছিল।
অর্থাৎ দুয়োজনে কেবল ৰাকেশ পালৰ আর্শীবাদতহে লাভ কৰিছিল চাকৰি ৷ এতিয়া এওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷