দেশত ক’ৰোনা ভাইৰাছৰ নতুন জেএন.১ ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালেও চিন্তাৰ কোনো কাৰণ নাই বুলি দাবী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই। সূত্ৰ অনুসৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও দাবী কৰিছে যে এতিয়াই বুষ্টাৰ ড’জ লোৱাৰ কোনো পৰিস্থিতি নাই। যোৱা ৬ ডিচেম্বৰত দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল ১১৫ জন ৷ এই সংখ্যা ৬১৪ জন হৈছেগৈ। যোৱা সাত মাহৰ ভিতৰত দৈনিক এই সংক্ৰমণৰ সংখ্যা সৰ্বাধিক।
বছৰৰ শেষত কৰ’না ভাইৰাছৰ জেএন.১ শাখাই সমগ্ৰ বিশ্বতে নতুন সংক্ৰমণৰ আশংকা বিয়পাবলৈ আৰম্ভ কৰিছে। এই দেশত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। যোৱা দুদিনত জিন’ম ছিকুৱেন্সিঙৰ দ্বাৰা ক’ভিড আক্ৰান্ত ২১ জন লোকৰ নমুনাত জেএন.১ৰ অস্তিত্ব পোৱা গৈছে। ইয়াৰে ১৯ জন গোৱাৰ। মহাৰাষ্ট্ৰ আৰু কেৰালাত এজনকৈ ব্যক্তি এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত ৷ বছৰৰ শেষত গোৱাত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পায়। স্বাস্থ্য মন্ত্ৰালয়ৰ মতে গোৱাত মূলতঃ বিদেশী পর্যটকৰ উপস্থিতিৰ বাবে এই সংখ্যা বৃদ্ধি পাইছে । অৱশ্যে কেৰেলা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কৰ্ণাটকতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে।
যেতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক ভেৰিয়েণ্ট অৱ কনচাৰ্ণ (VOC) হিচাপে ঘোষণা নকৰে, তেতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই বুলি স্বাস্থ্য বিষয়াসকলে কয়। বিশেষজ্ঞসকলৰ মতে, ক’ভিড ভাইৰাছৰ সংক্ৰামকতা অধিক হোৱাৰ বাবে মাৰাত্মকতা কম। সেয়েহে ৰোগীসকলৰ সহ-ৰোগ নাথাকিলে চিন্তাৰ কোনো কাৰণ নাই। কেন্দ্ৰীয় স্বাস্থ্য সচিব সুধনশ পন্থে দাবী কৰা মতে, ৯২.৮ শতাংশ আক্ৰান্ত লোক ঘৰতে চিকিৎসা কৰি সুস্থ হৈ উঠিছে।
দেশৰ ৯২ শতাংশ লোকে কৰ’না ভেকচিনৰ দুটা ড’জ গ্ৰহণ কৰিছে যদিও বেছিভাগ ভাৰতীয়ই বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈ যথেষ্ট অনিচ্ছা প্ৰকাশ কৰিছে। যেতিয়া নতুন সংক্ৰমণ বিয়পে তেতিয়া প্ৰশ্ন উত্থাপন হয় যে পুনৰ বুষ্টাৰ ড’জৰ প্ৰয়োজন হয় নেকি? সূত্ৰ অনুসৰি আজি স্বাস্থ্য মন্ত্ৰালয়ে কয় যে নতুনকৈ বুষ্টাৰ ড’জ লোৱাৰ প্ৰয়োজন নাই।