ম’হ যুঁজৰ সমান্তৰালকৈ মাঘ বিহুত ৰাজ্যত অনুষ্ঠিত হ’ব বুলবুলি চৰাইৰ যুঁজ ৷ বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে হাজোৰ ঐতিহ্যমণ্ডিত বুলবুলি চৰাই যুজঁ অনুষ্ঠিত কৰিবলৈ অনুমোদন জনায়। অৱশ্যে বুলবুলি চৰাইৰ যুজঁৰ বাবে এছঅ’পি ঘোষণা কৰিব ৰাজ্য চৰকাৰে ৷ ন্যায়ালয়ৰ নির্দেশনাৰ বাবে দীর্ঘদিন ধৰি ৰাজ্যত ম’হযুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰা হোৱা নাছিল ৷
এই বৈঠকত নগৰ উন্নয়নৰ ক্ষেত্ৰত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়। আসাম ষ্টেট টাউনশ্বিপ পলিচি,২০২৩ ( Assam State Township Policy 2023) সমগ্ৰ অসমত প্ৰযোজ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই নীতি অনুসৰি ৩০ শতাংশ ৰাস্তাৰ সুবিধা থকা অঞ্চলত নতুনকৈ টাউনশ্বিপ নিৰ্মাণ কৰিব পাৰিব। লগতে নতুন টাউনশ্বিপত সৰ্বাধিক ৬০ শতাংশ এলেকাতহে গৃহ নিৰ্মাণ কৰিব পাৰিব আৰু ১০ শতাংশ ভূমি সংৰক্ষিত হৈ থাকিব। গুৱাহাটী মহানগৰ এলেকাৰ ভিতৰত নগৰ পৰিকল্পনা আঁচনিত অনুমোদন জনোৱা হৈছে। ৰাণী ব্লকৰ পলাশবাৰীত নিৰ্মাণ হ’ব নতুন টাউনশ্চিপ ।
এই বৈঠকত মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ১ লাখ ৩০ হাজাৰ ঘৰ আৱন্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ সমমূল্যৰ হ’ব এই ঘৰ। ১০ শতাংশ ঘৰ চাহ বাগিচা অঞ্চলৰ বাবে সংৰক্ষিত থাকিব।
ইয়াৰোপৰিও, চন্দ্ৰপুৰৰ স্পর্টছ কমপ্লেক্সৰ বাবে ৮৫ কোটি টকা আৰু বৃদ্ধাশ্ৰম নির্মাণৰ বাবে আৱন্টন দিয়া হৈছে। এপিএছচি অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাৰ নম্বৰ ২৭৪ পৰা ১৮০লৈ হ্ৰাস কৰা হৈছে।