অসম আৰক্ষীৰ উপ পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতে ৰাজ্যত নকল সোণৰ অবৈধ ব্যৱসায়ৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল ৷ নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই আহিছে ৷ তৎসত্বেও ইয়াৰ অবৈধ ব্যৱসায় অব্যাহত আছে ৷ জামুগুৰিহাটত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নকল সোণ সৰবৰাহকাৰীক ৷ গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম হৈছে ৰফিকুল ইছলাম।
ব্যক্তিজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ নাওবৈচাত বুলি জানিব পৰা গৈছে। বালিপৰাত নকল সোণৰ নাও বিক্ৰী কৰি ওভতাৰ পথত জামুগুৰিহাটৰ চকীঘাট দলঙৰ সমীপত জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয় ৰফিকুলক ।ধৃত লোকজনৰ পৰা আৰক্ষীয়ে যীশুৰ মৃৰ্তি খোদিত এটুকুৰা নকল সোণ উদ্ধাৰ কৰিছে ৷ ৰফিকুলৰ মাৰুতী এল্টো গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে।