গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে উত্থাপন হৈছে চূড়ান্ত মইমতালি কৰাৰ গুৰুতৰ অভিযোগ ।ক্ষমতাৰ অপব্যৱহাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন বন বিষয়াক আটক কৰি হাৰাশাস্তি কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্তি কৰিছে ৷ কেবল দাবী-ধমকি দিয়াতে সন্তুষ্ট নাথাকি স্থানীয় কঁহৰা আৰক্ষীক বন বিষয়াগৰাকীক আটক কৰাৰ কাঢ়া নিৰ্দেশ দিছিল ৰাজেন সিঙে ।
উল্লেখ্য যে হাতী চাফাৰীৰ বাবে সুবিধা দিবলৈ ৰাজেন সিঙে নির্দেশ দিছিল ৷ কিন্তু বনবিষয়া তৰুণ গগৈয়ে সেই সুবিধা কৰিব পৰা নাছিল ৷ যাৰ বাবে বন বিষয়া তৰুণ গগৈক নিশা প্ৰায় ১১ বজাত কাজিৰঙাৰ দিৰিঙৰ নিজ বাসগৃহৰ পৰা আটক কৰি কহঁৰা আৰক্ষী চকীলৈ অনা হয়।
উল্লেখ্যে যে আত্মীয়ৰ বাবে ৫ টা হাতীৰ চাফাৰি বিচাৰি বন বিষয়া তৰুণ গগৈৰ সৈতে যোগাযোগ কৰিছিল আৰক্ষী অধীক্ষক ৰাজেন সিঙে। কিন্তু হাতীৰ চীট দিব নোৱাৰাৰ বাবেই টেলিফোনত বন বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে অশ্লীল ভাষাৰে গালিগালাজ কৰে ৰাজেন সিঙে ৷
নিশা প্ৰায় ১১ বজাত আটক কৰাৰ পিছত তৰুণ গগৈক প্ৰায় চাৰি ঘন্টা সময় আৰক্ষী চকীতে থাকিবলৈ বাধ্য কৰাই যদিও অৱশেষত গোলাঘাট জিলা উপায়ুক্তৰ হস্তক্ষেপত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়। এই ঘটনাই তৰুণ গগৈক মানসিকভাৱে ভাগি পৰে ৷
ইপিনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিজিপি জিপি সিঙে ৷ তেওঁ কয় –“যোৱা সন্ধিয়া অসম বন বিভাগৰ তৰুণ গগৈক গোলাঘাট আৰক্ষীয়ে অপ্ৰয়োজনীয়ভাৱে আটক কৰাৰ বিষয়ে মোক অৱগত কৰা হৈছে ৷মই গগৈৰ সৈতে কথা পাতিছো আৰু ডিজিপি হিচাপে দুখ প্ৰকাশ কৰিছো ৷ গোলাঘাটৰ আৰক্ষী অধীক্ষককো পৰামর্শ প্ৰদান কৰা হৈছে ৷ নাগৰিকৰ সৈতে সৌজন্যশীল আচৰণৰ লক্ষ্য আমাৰ অব্যাহত আছে ৷ লগতে মুখ্যমন্ত্ৰীৰ ওচৰত তেখেতক দিয়া যন্ত্ৰণাৰ বাবে ক্ষমা বিচাৰিছো ৷ ভৱিষ্যতে সেৱা অধিক উন্নতিৰ প্ৰতিশ্ৰুতিৰে অসমবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী।“