নববর্ষ উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে ৷ বিশেষদিনটোৰ বাবে সকলোৱে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ কিন্তু এইবাৰ নববর্ষৰ পার্টী উদযাপন কৰাৰ সময়ত সাৱধান হওঁক ৷ কাৰণ অসমৰ চুকে-কোণে আৰক্ষীয়ে চলাব তালাচী ৷ বিশএ্কৈ অত্যাধিক গতিত চলোৱা গাড়ী আৰু সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিব অভিযান ৷ ইণ্টাৰচেপ্টৰ বাহনেৰে আৰক্ষীয়ে চলাব অভিযান ৷
বিশেষকৈ সুৰাপান কৰি গাড়ী চলোৱা লোকসকলৰ বিৰুদ্ধে অসম আৰক্ষী অধিক কঠোৰ হ’ব। বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে এক অভিযান চলাব। দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইপিনে আজিৰে পৰা অসম আৰক্ষীত ১০ খন ইণ্টাৰচেপ্টৰ বাহন আৰু ১৫০ টা ব্ৰেথ এনালাইজাৰ সংযোজন কৰা হৈছে। পৰিবহন মন্ত্ৰী পৰিমল শুক্লবদ্যই আনুষ্ঠানিকভাৱে অসম আৰক্ষীক এই বাহন অৰ্পণ কৰে। অসম আৰক্ষী মেচত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আৰক্ষী সঞ্চালক জি পি সিঙৰ লগতে শীৰ্ষ আৰক্ষীসকল উপস্থিত থাকে।
কামৰূপ মহানগৰ, কোকৰাঝাৰ, বঙাইগাঁও, নগাঁও, কাৰ্বি আংলং, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ আৰু কাছাৰ জিলাত ১০টাকৈ ব্ৰেথ এনালাইজাৰ দিয়া হ’ব ৷