মহানগৰীত ভূমাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ পুনৰ দুজন কুখ্যাত মাটিৰ দালাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত দুয়োজন দালাল ক্ৰমে প্ৰদ্যুত শইকীয়া আৰু দেৱজিৎ নাথ বুলি জানিব পৰা গৈছে।
ভুৱা নথিৰে দীৰ্ঘদিনে মাটিৰ দালালি কৰি আহিছিল ধৃত দুয়োজন লোকে ৷ মাটিৰ দালাল দুজনে ভুৱা নথি প্ৰস্তুত কৰিবলৈ ভুৱা পানকার্ড ব্যৱহাৰ কৰিছিল ৷
উল্লেখ্য যে, ভুৱা নথিৰে বহু লোকক প্ৰৱঞ্চনা কৰি অহা মাটি দালাল দুয়োজনে মাটি বিক্ৰি কৰি বহুতৰে পৰা কোটি কোটি টকা লুটিছিল ৷ মন কৰিবলগীয়া যে, দুই দালালৰ বিৰুদ্ধে বিভিন্ন থানাত কেইবাটায়ো গোচৰ ৰুজু হৈ আছে। সম্প্ৰতি দিছপুৰ থানাত দুয়োজন কুখ্যাত দালালক ৰখা হৈছে।