দুঃসাহসিক কামেৰে জীৱন ধন্য কৰা ইটালীৰ এজন ষ্টান্ট পাইলট হৈছে ডাৰিঅ কোষ্টা। যি অন্য এক দুঃসাহসিক কামেৰে বিশ্ব অভিলেখ গঢ়ি গীনিজ বিশ্ব ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিলে।
এনাৰ্জি ড্ৰিং ৰেড বুলে প্ৰকাশ কৰা এটা ভিডিঅ’ ত দেখা পোৱা অনুসৰি এই ষ্টান্ট পাইলটজনে তুৰ্কীৰ উত্তৰ মাৰ্মাৰা ঘাইপথৰ দুটা পথৰ সুৰংগৰ মাজেৰে এখন বিমান উৰুৱাই সমগ্ৰ বিশ্ববাসীক হতবাক কৰি তুলিছে।
পাইলটজনে তেওঁৰ জিভকো এজ ৫৪০ এৰোবেটিক মনোপ্লেনখন কেটালকা মেভকি সুৰংগৰ মাজেৰে ২৪৫ কিলোমিটাৰ গতিত উৰুৱাই দুটা সুৰংগ পাৰ কৰে।কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সুৰংগ দুটা পাৰ কৰা লগে লগেই ষ্টান্ট পাইলটজনে অন্য এক অভিলেখ সৃষ্টি কৰি গীনিজ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।
এই দুঃসাহসিক ষ্টান্ট কৰি উৎফুল্লিত হৈ পৰা কোষ্টে কয় যে তেওঁ জীৱনত কেতিয়াও সুৰংগত উৰা মৰা নাছিল।আজিলৈকে কোনেও কেতিয়াও এনে কাম কৰা নাছিল।গতিকে তেওঁৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন আছিল যে তেওঁ আশা কৰা ধৰণে সকলোবোৰ হ’ব নে নাই? যদিও তেওঁ সেইটো কৰি দেখুৱালে আৰু তেওঁৰ সেই সপোন সঁচা হল।
উল্লেখ যোগ্য যে তেওঁ এক মিটাৰতকৈ কম উচ্চতাত মাত্ৰ ৪৪ ছেকেণ্ডৰ ভিতৰত দুয়োটা সুৰংগ পাৰ কৰিছিল।একেটা গতিত প্ৰথমটো সুৰংগ পাৰ কৰাৰ পিছত ৩৬০ মিটাৰ দূৰত্বত থকা দ্বিতীয়টো সুৰংগলৈ উৰা মাৰিছিল।যিটোত তেওঁ ক্ৰছ- ৱিণ্ডৰ সন্মুখীন হোৱা স্বত্বেও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকি উৰা মাৰিবলৈ সক্ষম হৈছিল।
অৱশেষত ষ্টান্ট পাইলটজনে গড়ে ঘন্টাত ২৪৫ কিলোমিটাৰ বেগত ১,১৬০ মিটাৰৰ দীৰ্ঘতম সুৰংগ পাৰ কৰি গীনিজ বিশ্ব অভিলেখৰ স্বীকৃতি লাভ কৰে।